NORTHEAST NOW (Assamese)

নলবাৰীৰ অময়াপুৰত চাঞ্চল্যকৰ বেংক ডকাইতি; পিষ্টল দেখুৱাই লৈ গ’ল কেইবালাখ টকা

November 20, 2020 5:36 pm · এন ই নাও নিউজ
Updated: November 20, 2020 6:23 pm

নলবাৰী জিলাৰ অময়াপুৰত থকা পঞ্জাৱ নেশ্যনেল বেংকত আজি দিন দুপৰতে চাঞ্চল্যকৰ বেংক ডকাইতি সংঘটিত হয়।

দুখন বাইকত উঠি অহা চাৰিজনীয়া ডকাইতৰ দল এটাই বেংকটোৰ ভিতৰত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই বেংকটোৰ লকাৰৰ পৰা ৬০ লাখ টকা লুটি লৈ যাবলৈ সক্ষম হয়।

বেংক ডকাইতি কৰি উভতি যোৱাৰ সময়ত ডকাইতৰ দলটোৱে বাহিৰত শূন্যলৈ গুলী ফুটাই আতৰি যায়।

ডকাইতৰ দলটোৰ গুলীচালনাত অময়াপুৰৰ এলেংগীদলৰ নয়ন দাস নামৰ এজন লোক আহত হয় বুলি জানিব পৰা গৈছে।

বৰ্তমান ঘটনাস্থলীত নলবাৰী আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নায়।

আনহাতে, ডকাইতৰ দলটোৱে বেংকৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত বেংকটোৰ ভিতৰত মাত্ৰ দহগৰাকীমান বেংকটোৰ গ্ৰাহক আছিল বুলি বেংকটোত কৰ্মৰত এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

নলবাৰী চহৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰ দূৰত্বত অৱস্থিত অময়াপুৰৰ দৰে এখন জনবহুল ঠাইত এনেদৰে দিনদূপৰতে ডকাইতিৰ ঘটনা সংঘটিত হোৱাটোৱে পুনৰবাৰ ৰাজ্যত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটোৱাটো সূচাইছে।

Related News