NORTHEAST NOW (Assamese)

বিশ্বনাথত সামৰণি পৰিল বৰ্ণমৰ মৃণালী শৰ্মা সোঁৱৰণি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ

January 13, 2020 7:37 am · কাজি জেইদুল ইছলাম
Updated: January 13, 2020 7:47 am

বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত তিনি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত বৰ্ণমৰ বাৰ্ষিক মৃণালী শৰ্মা সোৱঁৰণি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহৰ দেওবাৰে নিশা সামৰণি পৰে।

১০ জানুৱাৰীৰ নিশা ৰবিজিতা গগৈৰ পৰিচালনাত গুৱাহাটীৰ জিৰচং থিয়েটাৰে পৰিৱেশন কৰে এন্টিগনিমেনিয়া আৰু বিশ্বনাথ চাৰিআলিৰ অংকুমনি কপিলৰ পৰিচালনাত বৰ্ণমৰ চন্দালিকা পৰিৱেশন কৰা হয়।

১১ জানুৱাৰীত তানাজি ৰাওৰ পৰিচালনাত ভূপালৰ দ্যা ৰাইজিং ৰেপাৰ্টাৰীয়ে পৰিৱেশন কৰে মেপ অফ হেপিনেছ আৰু  বাংলাদেশৰ নাট অতঃপৰ মাধো প্ৰদৰ্শিত হয় পৰিচালক অলক বসু।

 

দেওবাৰে নিশা বাংলাদেশৰ আন এখন নাট পুতুলটিকে দেখে ৰেখ প্ৰদৰ্শিত’ হয় পৰিচালক চেমিমা আক্তাৰ মুক্তা। এই নাটকখনৰ অভিনেত্ৰী চেমিমা আখতাৰ মুক্তাৰ সুন্দৰ একক অভিনয়ক সকলোৱে প্ৰশংসা কৰে। দুলীয়াজানৰ নাট্য দল গুণমনি বৰুৱাৰ পৰিচালনাত পৰিৱেশন কৰে জকাৰ পথাৰ। নাটকখনৰ অভিনয়কে ধৰি সকলো বিলাক দিশে দৰ্শকক আপ্লুত কৰে।

সামৰণি অনুষ্ঠানত বাংলাদেশৰ অভিনেত্ৰী চেমিমা আক্তাৰ মুক্তায়ে কয় যে নাটকৰ জৰিয়তে হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধৰ্মৰ মাজত সমন্বয়ৰ প্ৰচেষ্টা চলোৱা হৈছে।

আৰম্ভনিৰ দিনা মহোৎসৱৰ বন্তি প্ৰজলন কৰে চাহ উদ্যোগী নৰেন শৰ্মাই, মঞ্চ উদ্ধোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত  ধ্ৰুৱজ্যোতি দাসে। নাট মহোৎসৱ সফল কৰি তোলাৰ বাবে উদ্যোক্তা মণ্ডলীৰ হৈ কুশল ডেকাই ৰাইজক ধন্যবাদ জনায়।

Related News