বৰিছ জনছনক ঋণ পোৱাই দিয়াৰ তথ্য গোপন! বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্পৰ পদত্যাগ

ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্প। ফটো: সংগ্ৰহীত।

ব্ৰিটিছ মিডিয়া বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্পে শুকুৰবাৰে পদত্যাগ কৰে। এক স্বতন্ত্ৰ তদন্তৰ প্ৰতিবেদনত চৰকাৰী নিযুক্তি নিয়ম উলংঘা কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে আজি তেওঁ পদত্যাগ ঘোষণা কৰে।

গোল্ডমেন চেক্সৰ প্ৰাক্তন বেংকাৰ ৰিচাৰ্ড শ্বাৰ্পে ২০২১ চনত বিবিচিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল। সেই সময়ত ব্ৰিটেইনত বৰিছ জনছনৰ নেতৃত্বৰ  চৰকাৰখনে ক্ষমতাত আছিল।

বিবিচিৰ অধ্যক্ষ নিযুক্তি পোৱাৰ পূৰ্বে শ্বাৰ্পে বৰিছ জনছনক ১০ লাখ ডলাৰ ঋণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। তেওঁ নিযুক্তিৰ সময়ত স্বাৰ্থৰ সংঘাতৰ নথিপত্ৰত সেই ঋণৰ সৈতে তেওঁৰ সম্পৰ্কৰ তথ্য প্ৰকাশ কৰা নাছিল।

লগতে পঢ়ক: বিজ্ঞানৰ চমৎকাৰ! ৰ’বোটিক বেজীৰ জৰিয়তে মহিলাৰ শৰীৰত শুক্ৰাণু; জন্ম হ’ল দুটি শিশুৰ

ব্ৰিটিছ চৰকাৰে ৰিচাৰ্ড শ্বাৰ্পক বিবিচিৰ অধ্যক্ষ পদৰ বাবে বাছনি কৰাৰ প্ৰক্ৰিয়াৰ তদন্ত কৰিছে দেশৰ চৰকাৰী নিযুক্তি নিৰীক্ষণ সংস্থাই। সংস্থাটোৰ প্ৰতিবেদন অনুসৰি ৰিচাৰ্ড শ্বাৰ্পে নিযুক্তিৰ সময়ত সম্ভাৱ্য স্বাৰ্থৰ সংঘাতৰ কথা প্ৰকাশ কৰাত ব্যৰ্থ হৈছিল। সেইদৰে, তেওঁ চৰকাৰী নিযুক্তিৰ নিয়ম উলংঘা কৰিছে।

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বিবিচিৰ অধ্যক্ষ হিচাপে তেওঁৰ নিযুক্তি অবৈধ আছিল। শ্বাৰ্পে কয় যে তেওঁৰ চাৰি বছৰীয়া কাৰ্যকালৰ শেষলৈকে কাৰ্যনিৰ্বাহ কৰাৰ উদ্দেশ্য নাছিল। তেওঁ ভাবে যে তেতিয়া সংবাদ মাধ্যমটোৱে ভালদৰে কাম কৰিব নোৱাৰিব।

এক বিবৃতিত শ্বাৰ্পে কয় যে বিবিচিৰ স্বাৰ্থক প্ৰথম স্থান দিয়াটো সঠিক সিদ্ধান্ত বুলি মই ভাবো। এই কাৰণতে আজি পুৱা মই গৃহমন্ত্ৰী আৰু সংশ্লিষ্ট ব’ৰ্ডক বিবিচিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ কথা অৱগত কৰিছো।

লগতে পঢ়ক: চলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৫ মে’ত; পৰৱৰ্তী এনে বিৰল মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব ১৯ বছৰ

কিন্তু ৰিচাৰ্ড শ্বাৰ্পে কয় যে চৰকাৰক তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰিবলৈ সময় দিবলৈ তেওঁক জুন মাহৰ শেষলৈকে কাৰ্যভাৰ লৈ থাকিবলৈ কোৱা হৈছে। তেওঁ সেই অনুৰোধত সন্মত হৈছে।