NORTHEAST NOW (Assamese)

Team India’s New Jersey: কলাৰত নহয়, এইবাৰ কান্ধত ট্ৰাই-কালাৰ; এদিনীয়াৰ নতুন জাৰ্চি মুকলি ভাৰতৰ

November 30, 2024 10:50 am · এন ই নাও নিউজ, নতুন দিল্লী

সাধাৰণতে আইচিচিৰ কোনো ইভেণ্টৰ পূৰ্বে সকলো দলে নিজৰ নতুন জাৰ্চি মুকলি কৰা দেখা যায়। নাইবা নতুন ছিজন আৰম্ভ হোৱাৰ আগতেই জাৰ্চি সলনি কৰাটো প্ৰায়ে দেখা যায়। যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে নিজৰ নতুন জাৰ্চি মুকলি কৰিছিল। বছৰ সলনি হোৱাৰ সময়তে সলনি হ’ল ৰোহিত শৰ্মাৰ দলৰ জাৰ্চি। শুকুৰবাৰে মুকলি হল টিম ইণ্ডিয়াৰ নতুন এদিনীয়া জাৰ্চি।

কেৱল ৰোহিত শৰ্মাৰ দলৰে নহয়, ভাৰতীয় মহিলা ক্ৰিকেট দলেও একে জাৰ্চি পিন্ধি ফিল্ডত নামিব। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে শুকুৰবাৰে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ উৰা মৰাৰ পূৰ্বে ব’ৰ্ডৰ সচিব জয় শ্বাহৰ সৈতে এক অনুষ্ঠানত নতুন জাৰ্চি উন্মোচন কৰে।

অৱশ্যে অষ্ট্ৰেলিয়া ভ্ৰমণত এই নতুন জাৰ্চি পিন্ধি খেলপথাৰত প্ৰৱেশ নকৰে হৰমনপ্ৰীতৰ দলে। বৰঞ্চ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকাসকলে ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজ বিৰুদ্ধে শৃংখলাত এই জাৰ্চি পিন্ধিব।

উল্লেখ্য যে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে বৰ্তমান ৰোহিত শৰ্মা অষ্ট্ৰেলিয়াত আছে। সেয়ে, তেওঁ নতুন জাৰ্চি মুকলি অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। অৱশ্যে এই নতুন জাৰ্চি পিন্ধি আই চি চি চেম্পিয়নছ ট্ৰফীত খেলপথাৰত প্ৰৱেশ কৰিব ৰোহিত বাহিনীয়ে।

আনহাতে, ভাৰতৰ নতুন এদিনীয়া জাৰ্চি পূৰ্বতকৈ আৰু অধিক আকৰ্ষণীয় হৈছে। জাৰ্চিত বিচিচিআইৰ ল’গ’ৰ ওপৰত থকা ২টা ষ্টাৰ টিম ইণ্ডিয়াৰ ২টা এদিনীয়া বিশ্বকাপ জয়ৰ স্মৃতিত ব্যৱহাৰ কৰা হৈছে। সেইদৰে, এইবাৰ কলাৰত নহয়, জাৰ্চিৰ কান্ধ দুটাত ত্ৰিৰংগাৰ স্পৰ্শ।

নতুন জাৰ্চি উন্মোচন কৰাৰ পাছত হৰমনপ্ৰীতে কয়, ”টিম ইণ্ডিয়াৰ জাৰ্চি উন্মোচন কৰাটো এক সন্মানৰ কথা। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত আমি প্ৰথমবাৰৰ বাবে এই জাৰ্চি পিন্ধিম। নতুন জাৰ্চি বৰ ভাল লাগিছে। কান্ধত ট্ৰাই কালাৰে জাৰ্চিটো সুন্দৰ কৰি তুলিছে।”

হৰমনপ্ৰীতে লগতে কয়, ”দেশৰ জাৰ্চি পিন্ধিলে এক সুকীয়া অনুভৱ হয়। আশাকৰোঁ ভাৰতীয় অনুৰাগীসকলেও এই জাৰ্চি পিন্ধি গৌৰৱ অনুভৱ কৰিব।” বিচিচিআইয়ে জাৰ্চি মুকলিৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।

ৰোহিত শৰ্মাহঁতে অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বেই পৰিধান কৰিব নতুন এদিনীয়া জাৰ্চি। অহা ৬ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত আৰম্ভ হ’ব ইণ্ডিয়া-ইংলেণ্ডৰ তিনিখন মেচৰ এদিনীয়া শৃংখলা। সেই শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এই নতুন এদিনীয়া জাৰ্চি পিন্ধি ফিল্ডত নামিব বিৰাট কোহলীহঁতে। ইয়াৰ পিছতে এই জাৰ্চি পিন্ধি ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফী খেলিব।

Related News