গোৱালপাৰাত মৌ মাখিয়ে খেদিব বনৰীয়া হাতী, স্থাপন কৰা হ’ব তিনি শতাধিক মৌ বাহ

প্ৰথমবাৰৰ বাবে উত্তৰ পূৱ ভাৰতত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ অভিলাসী

হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত প্ৰতিৰোধ তথা স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগ৷

আজি গোৱালপাৰা আজিৰ মৰনৈত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰে ’ৰি-হেভ’ নামৰ এখন অভিলাসী আচঁনি ।

এই আচঁনিৰ যোগেদি বনৰীয়া হাতীৰ সংঘাত নিৰ্মূল কৰিব আৰু বনৰীয়া হাতীৰ উপদ্ৰৱ থকা অঞ্চল সমূহলৈ ঘূৰি আহিব স্থায়ী শান্তি৷ “ৰি-হেভ“ হল মৌ মাখিৰ দ্বাৰা মানুহক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অভিনৱ প্ৰকল্প৷ প্ৰথম অৱস্থাত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে এই অভিলাসী আঁচনিখন ৰূপায়ণৰ বাবে নিৰ্বাচন কৰি লৈছে জিলা খনৰ মৰনৈ আৰু দহিকতা অঞ্চল৷

সম্প্ৰতি আন ভিন্ন অঞ্চলৰ লগতে মৰনৈ আৰু দহিকটাত বৃদ্ধি পাইছিল হাতী-মানুহৰ সংঘাত৷কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে ইতিমধ্যে এই দুয়োটা অঞ্চলত হাতী অহা-যোৱা কৰা বাটত সংস্থাপন কৰিব তিনি শতাধিক মৌ বাহ৷

ইতিমধ্যে হাতী আহিব পৰা স্থান সমূহত এই মৌ সমূহ ৰখা হৈছে৷ মৌৰ গুণ গুণ শব্দলৈ বনৰীয়া হাতীয়ে খুব ভয় কৰে।সেইবাবেই সেই অঞ্চলৰ মাজৰে মৌ মাখিৰ বাবে বনৰীয়া হাতীয়ে আগুৱাই যোৱাটো সম্ভৱ নহব৷

এনেদৰে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে গোৱালপাৰাৰ বন বিভাগৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে গোৱালপাৰা জিলাত ৰূপায়ণ কৰিছে এই অভিনৱ পদক্ষেপ৷

আচঁনিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ বিনাই কুমাৰ ছাক্সচেনাই৷

ইতিমধ্যে আয়োগে মৰনৈ আৰু দহিকটা অঞ্চলৰ বাবে বিনামূলীয়াকৈ এই মৌৰ বাহ সমূহ যোগান ধৰিছে ৷
হাতীয়ে মৌ বাহ নষ্ট কৰিলে পুনৰাই আয়েগে যোগান ধৰিব ৷

ইফালে মৌ বাহ সমূহৰ পৰা লাভ কৰা মৌৰ ৰস ৰাইজে বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব ৷

হাতী অহাৰ সম্ভাৱনা থকা পথৰ কাষৰ প্ৰতিটো গৃহস্থই লাভ কৰিব দহ টাকৈ মৌ বাহ৷

হাতীৰ সংঘাতত জৰ্জৰিত লোক সকলে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ এই আচঁনিৰ পৰা উপকৃত হোৱাৰ লগতে গোৱালপাৰাত হাতী-মানুহৰ সংঘাত প্ৰশমিত কৰাত কিছু সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে৷

আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ বিষয়ববীয়াৰ লগতে জিলা বন বিষয়া, গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষৰ লগতে ভালে সংখ্যক লোক উপস্থিত