হোলী খেলিবলৈ যোৱাৰ আগতেই পঢ়ি যাওক এইকেইটা দৰকাৰী কথা –

আজি পবিত্ৰ হোলী উৎসৱ। আজি ৰাজ্যৰ সকলো প্ৰান্ততে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমবাসীয়ে পালন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। সকলোৰে মন প্ৰাণ আজি হৈ পৰিব ৰঙীন। কিন্তু হোলীৰ আনন্দ ল’বলৈ যোৱাৰ আগতে মনত ৰাখক এই কেইটা কথা।

যিকোনো উৎসৱ উদযাপনৰ ক্ষেত্ৰত আমি কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত। সেয়ে আনন্দ কৰিবলৈ যোৱাৰ আগতেই সাৱধান হওঁক। হোলী খেলিবলৈ যোৱাৰ আগতেই মনত ৰাখক এই কেইটা দৰকাৰী কথা। অন্যথা উৎসৱৰ সাময়িক আনন্দই আপোনাক কন্দুৱাব পাৰে দীৰ্ঘদিনলৈ।

) হোলী খেলিবলৈ যাওতে দীঘল কাপোৰ পিন্ধি যাওক, যাতে আপোনাৰ হাত ভৰি ভালদৰে ঢাক খাই থাকে। আজিকালি প্ৰায়বোৰ ফাকুতেই ৰাসায়নিক পদাৰ্থ যোগ কৰা হয়। গতিকে এই সমূহ ৰং ছালৰ সংস্পৰ্শলৈ আহিলে বিভিন্ন সমস্যা যেনে ফোঁহা আৰু খজুৱতি হ’ব পাৰে। সেই বিপদৰ পৰা হাত সাৰিবলৈ হাতভৰি ঢাকি ৰখা কাপোৰ পিন্ধাটো ভাল।

) ৰসায়নিক পদাৰ্থ থকা ফাকুৱে আপোনাৰ মুখমণ্ডলৰ ছালত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ৰং লগোৱাৰ আগতে মুখত মইশ্ব’ৰাইজাৰ, অইল বা ক্ৰীম লগাব লাগে।

) হোলীৰ আনন্দৰ মাজত চকুৰ সুৰক্ষা কথা নাপাহৰিব। চকুত যাতে ৰং নালাগে তাৰ বাবে সাৱধান হওক। ফাকু খেলিবলৈ যোৱাৰ আগতে ছানগ্লাছ এযোৰ পিন্ধিব পাৰিলে ভাল।

) ৰসায়নিক পদাৰ্থ থকা ৰঙৰ পৰা চুলি কেতিয়াও সুৰক্ষিতি নহয়। ৰাসায়নিক উপাদানৰ সৈতে মিহলি কৰা ৰঞ্জক পদাৰ্থই চুলিৰ ক্ষতি কৰে। গতিকে ফাকু খেলিবলৈ যোৱাৰ আগতে চুলিত তেল ঘঁহক। লগতে যিমান পাৰে টুপী বা কাপোৰেৰে চুলি ঢাকি ৰাখিবলৈ যত্ন কৰক।

) পাৰিলে জৈৱিক ৰং ব্যৱহাৰ কৰক। ফুল বা তেনে জৈৱিক কেঁচামালৰ পৰা নিৰ্মিত ৰঙেৰে ফাকু খেলক আৰু সুৰক্ষিত থাকক। এটি সুৰক্ষিত আৰু ৰঙীন হোলী উদযাপন কৰক।