সাধাৰণ মানুহৰ দৃষ্টিত ঈশ্বৰৰ পিছতে চিকিৎসকৰ স্থান। কাৰণ তেওঁলোকৰ জীৱন ৰক্ষাৰ ক্ষমতা আছে। এই কথাষাৰ কিমান সত্য, তাৰ প্ৰমাণ আকৌ পোৱা গ’ল। ১৮ বছৰ পূৰ্বে লগা যুৱকৰ শৰীৰৰ পৰা গুলী আঁতৰাই জীৱন ৰক্ষা কৰিলে চিকিৎসকে। তাকো সাধাৰণ অস্ত্ৰোপচাৰ নহয়, মূৰৰ অস্ত্ৰোপচাৰ কৰি ১৮ বছৰ পুৰণি গুলীটো আঁতৰাই পেলালে চিকিৎসকে। এই ‘চমক’ বাংগালুৰুৰ চিকিৎসকৰ।
যোৱা সপ্তাহত বাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত য়েমেনৰ এজন ২৯ বছৰীয়া যুৱকৰ মূৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। জনা যায় যে প্ৰায় ১৮ বছৰ পূৰ্বে যেতিয়া যুৱকজন য়েমেনত বাস কৰি আছিল, তেতিয়া দুই গোষ্ঠীৰ সংঘৰ্ষৰ মাজতে গুলীবিদ্ধ হৈছিল যুৱকজন। দোকানৰ পৰা উভতি অহাৰ পথত তেওঁৰ মূৰত গুলী লাগিছিল। লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও তাত থকা চিকিৎসকে কেৱল ক্ষতস্থান চাফা কৰি চিলাই কৰি দিয়ে। গুলীটো ভিতৰতে ৰৈ যায়।
লগতে পঢ়কঃ পত্নীৰ কথা মানি চলা পুৰুষৰ বেমাৰত পৰাৰ সম্ভাৱনা কম; কোৱা হৈছে গৱেষণাত
গুলীবিদ্ধ হোৱাৰ পিছতে যুৱকজনৰ শ্ৰৱণ ক্ষমতা হেৰাই যায়। তেওঁৰ মূৰত প্ৰায়ে তীব্ৰ বিষ হৈছিল আৰু কাণৰ পৰা পূজ ওলাইছিল। বৰ্তমান ভাৰতত বসবাস কৰা য়েমেনৰ যুৱকজনে শেহতীয়াকৈ বাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ গৈছিল। তাত সমস্যাৰ কথা ভাঙি পাতি কোৱাত চিকিৎসকে এক্স-ৰে কৰাৰ পৰামৰ্শ দিলে। তাতেই ধৰা পৰিল বুলেটৰ ছবি ।
সেই ৩ চে:মি: দীঘল গুলীটোৱে যুৱকজনৰ সোঁ কাণত বিন্ধি মূৰৰ খুলিত সোমাই পৰিছিল। ইয়াৰ বাবেই যুৱকজনৰ ঘনাই কাণৰ সংক্ৰমণ হৈছিল। অত্যধিক ৰক্তক্ষৰণ আৰু স্নায়ুৰ ক্ষতি হোৱাৰ সম্ভাৱনা থকাৰ পিছতো চিকিৎসালয়খনৰ চিকিৎসকে ডাঙৰ ৰিস্ক লৈ অস্ত্ৰোপচাৰটো সম্পন্ন কৰে আৰু সেয়া সম্পূৰ্ণ সফল হয়। জানিব পৰা মতে, অস্ত্ৰোপচাৰৰ পিছত যুৱকজনৰ আংশিক শ্ৰৱণ ক্ষমতাও ঘূৰি আহিছে।