ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Man rape girlfriend daughter

প্ৰতিনিধিত্বমূলক ছবি

দেশত বৰ্দ্ধিত ধৰ্ষণৰ ঘটনাই নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উন্মোচন কৰাৰ সময়তে বাংগালুৰুত সংঘটিত এক নাৰকীয় ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দাক্ষিণাত্যৰ চহৰখনত এগৰাকী যুৱকে নিজ প্ৰেয়সীৰ তিনি বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, সোমবাৰে বাংগালুৰুৰ কাবেৰীপুৰাত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এবছৰতকৈও অধিক সময় ধৰি অভিযুক্ত যুৱকগৰাকীয়ে মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।

মহিলাগৰাকীয়ে নিজৰ তিনিবছৰীয়া কন্যা সন্তানটিৰ সৈতে অকলে থাকিছিল। ঘটনাৰ দিনা শিশুটিৰ মাতৃ তথা যুৱকগৰাকীৰ প্ৰেয়সী ঘৰত নথকাৰ সময়তে যুৱকগৰাকীয়ে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে মৃত শিশুটিৰ মূৰত আঘাতৰ চিন পোৱা গৈছে আৰু সেয়ে অভিযুক্তই কোনো কঠিন সামগ্ৰীৰে শিশুটিৰ মূৰত আঘাত কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় এক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে।

ইফালে মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত শিশুটিৰ ধৰ্ষণ তথা হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত ২৬ বছৰীয়া যুৱক গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬, ৩০২ আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন (POCSO)ৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।