Benifits of Lemon: গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ সকলোৰেই প্রিয়; পিছে নেমুটেঙাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

অসমীয়া মানুহৰ অতি প্ৰিয় ফলবিধেই হৈছে নেমুটেঙা। গৰমৰ দিনত নেমুৰ চৰবত এগিলাচৰ সকলোৰেই প্ৰয়োজন। ঘৰত কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে। পেটৰ অসুখ হ’লে আচাৰৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয়।

নেমুটেঙাক কাজী টেঙা বুলিও কয়। ইয়াৰ শাস্ত্ৰীয় নাম- নিম্বুক, বহ্নিদপ্যি, বহ্নিবাজ, দস্তঘাত ইত্যাদি। নেমু গছৰ ফল পাত, শিপা আৰু ছাল দৰবত ব্যৱহাৰ হয়। পাত, শিপা আৰু ছালৰ ৰস একৰ পৰা দুই তোলা হিচাবত দৰকাৰ।

নেমুটেঙাত চাইট্ৰিক এচিড, পটাচিয়াম, কেলচিয়াম, ফছফৰাছ আদি পোৱা যায়। ‘স্কাৰ্ভি’ নামৰ দাঁতৰ ৰোগ প্ৰতিৰোধ কৰাতো নেমুৱে সহায় কৰে। স্কাৰ্ভিত আক্ৰান্ত হ’লে দাঁতৰ আলু ফুলে আৰু সোপোকা হয়। লগতে যদি দাঁতৰ গুৰিৰ পৰা তেজ ওলায়, তেতিয়া নেমুৰ ৰসত নিমখ মিহলাই দাঁত ঘঁহিলে যথেষ্ট উপশম পোৱা যায়।

নেমুটেঙাৰ বহু ঔষধি গুণ আছে জানেনে?

১)পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।

২) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

৩) চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।

৪)সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।

৫) ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।

৬) আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে।

৭)আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

৮) জণ্ডিচ ৰোগত ভোগা ব্যক্তিৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু পৰম উপকাৰী ফল।

৯) জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত নেমু অতি উপকাৰী।

১০) ঘা আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস, মিঠাতেল(সৰিয়হ)বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়।

১১) নেমুত থকা ভিটামিন চি- এ ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।

১২) মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আটিল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে।

১৩) দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।

১৪) প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।

১৫) একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে।