নেতান্যাহুৰ ১২ বছৰীয়া শাসনৰ অন্ত পৰিল; ইজাৰাইলে পালে নতুন প্ৰধানমন্ত্ৰী

Benjamin Netanahyu

ইজৰাইলৰ বিদায়ী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু।

ইজৰাইলত বেঞ্জামিন নেতান্যাহুৰ ১২ বছৰীয়া শাসন পৰিক্ৰমাৰ অন্ত পৰিল। দেওবাৰে ইজৰাইলৰ সংসদে নতুন মৰ্চা চৰকাৰত অনুমোদন জনালে।

দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ৪৯বছৰীয়া নাফতলি বেনেটে।

নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা বেনেটৰ সন্মুখৰ পথ মসৃন নহয়। কিয়নো তেওঁ ৰাজনৈতিকভাৱে সোঁপন্থী, বাঁওপন্থী তথা মধ্যমপন্থী দলক লৈ গঠিত মৰ্চা চৰকাৰখনক বৰ্তাই ৰখাৰ আছে বৃহৎ প্ৰত্যাহ্বান।

দেওবাৰেই বেনেটৰ সন্মুখত যে কঠিন প্ৰত্যাহ্বান আছে সেয়া স্পষ্ট হৈ পৰিছে। সংসদত ৬০-৫৯টা ভোটৰ ব্যৱধানত বিজয়ী হৈ প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ সুযোগ পাইছে নেতান্যাহুৰ পূৰ্বৰ চীফ অফ ষ্টাফগৰাকীয়ে।  তেওঁৰ দলটো ইহুদীসকলৰ লগতে ৱেষ্ট বেংকৰ বাসিন্দাসকলৰ মাজত বহু জনপ্ৰিয়।

ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰীক অভিনন্দন জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে। টুইটাৰত বিডেনে লিখিছে,’’আমাৰ দুয়োখন দেশৰ মাজত গভীৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী বেনেটৰ সৈতে কাম কৰিবলৈ সাজু আছো।‘’

আনহাতে, দেওবাৰে দুবছৰীয়া ৰাজনৈতিক সংকটৰ সাময়িকভাৱে অৱসান ঘটিল। এই সময়ছোৱাৰ ভিতৰত ইজৰাইলত মুঠ চাৰিবাৰ ভোট হৈছে। প্ৰধানকৈ নেতান্যাহুৰ বিভাজনকামী শাসন তথা দুৰ্নীতিৰ অভিযোগৰ মাজত চৰকাৰ চলোৱাৰ নৈতিক অধিকাৰক লৈ সেই ভোট হৈছিল।

ইপিনে, দেওবাৰে ক্ষমতাৰ পৰা আঁতৰিল যদিও ৭১ বছৰীয়া নেতান্যাহুৱে স্পষ্ট কৰি দিছে যে তেওঁ ক্ষমতা হেৰুৱালেও ৰাজনীতি ত্যাগ কৰাৰ কোনো সম্ভাৱনা নাই।

তেওঁ কয়, ‘’যেতিয়ালৈকে বিপদজনক চৰকাৰখনক উৎখাত কৰি দেশৰ ক্ষমতালৈ উভতি নাহো, তেতিয়ালৈকে মূৰ তুলি বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হৈ ৰম।‘’