‍‘ইয়াতকৈ ভাল প্ৰদৰ্শন হয়তো দেখা নাই’, এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰদৰ্শনক লৈ এই মন্তব্য ব্ৰেড হগৰ

আই পি এলৰ বিগত সংস্কৰণ সমূহত সফলতাৰ মুখ নেদেখা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) এ চলিত ছিজনৰ আৰম্ভণিৰ মেচ সমূহত সামগ্ৰিকভাৱে ভাল ফলাফল আগবঢ়াবলৈ সক্ষম হৈছে।

দলটোৱে আৰম্ভণিৰ পাঁচখন মেচৰ তিনিখনত জয়ী হৈছে। এই প্ৰদৰ্শনৰ আঁৰত কিন্তু ষ্টাৰ বেটছমেন বিৰাট কোহলী বা ভিলিয়াৰ্ছ নহয় এগৰাকী ২০ বছৰীয়া ভাৰতীয় যুৱ প্ৰতিভাৱান ক্ৰিকেটাৰৰহে অৱদান সৰ্বাধিক।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে আই পি এল খেলাৰ সুযোগ পোৱা বাওঁহতীয়া বেটছমেন দেৱদত্ত পাড়িকলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে খেলা প্ৰথমখন মেচতে অৰ্ধশতক অৰ্জন কৰি দলক বিজয়ী কৰিছিল।

ইয়াৰ পিছত তেওঁ আন দুখন মেচতো অৰ্ধশতক অৰ্জন কৰে। এই পৰ্যন্ত তেওঁ পাঁচখন মেচৰ তিনিখনতে অৰ্ধশতক অৰ্জন কৰিছে।

পাড়িকলৰ এই প্ৰদৰ্শনৰ পিছতে এতিয়া ক্ৰিকেট বিশেষজ্ঞ সকলে তেওঁক লৈ বিভিন্ন গুৰুত্বূপূৰ্ণ মন্তব্য আগবঢ়াইছে।

এই পৰ্যন্ত আই পি এলৰ চলিত ছিজনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ ব্ৰেড হগে দেৱদত্ত পাড়িকলক প্ৰশংসাৰে উপচাই পেলাইছে।

হগে নিজৰ য়ু টিউব চেনেলত কয়, ‍‘দেৱদত্তৰ এইটো প্ৰথম আই পি এল ছিজন আৰু তেওঁ আৰম্ভণিৰ চাৰিটা ইনিংছৰ তিনিটাতে অৰ্ধশতক অৰ্জন কৰিছে। দলৰ দ্বিতীয়খন মেচত চেল্ডন কট্ৰেলৰ বাউন্সাৰে অলত বিপদত পেলাইছিল যদিও পিছত তেওঁক পুল শ্বট খেলা দেখা পাইছিলো’।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে লগতে কয়, ‍‘অত্যন্ত প্ৰতিভাৱান ক্ৰিকেটাৰ গৰাকীয়ে ভাৰতৰ হৈ খেলিব। তেওঁ সোনকালে নিজৰ ভুলবোৰ শিকে। মই ইয়াতকৈ ভাল প্ৰদৰ্শন হয়তো দেখা নাই’।