লকডাউনৰ আশংকা : পুনৰ ঘৰলৈ উভতি আহিছে দিল্লী-মুম্বাইৰ প্ৰব্ৰজিত শ্ৰমিকসকলে

ভাৰতত পুনৰ ক’ভিড মহামাৰী বিয়পাৰ বাবে বহুকেইখন ৰাজ্যই নৈশ সান্ধ্যআইন আৰু সপ্তাহজোৰা লকডাউন ঘোষণা কৰিছে।

ইয়াৰ বাবে প্ৰব্ৰজিত শ্ৰমিকসকলৰো ভৱিষ্যত ধূসৰ হৈ পৰিল।

দিল্লীত ৩০ এপ্ৰিললৈকে নৈশ সান্ধ্যআইন ঘোষণা কৰাৰ পাছতে ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলে তালি টোপোলা বান্ধিছে।

শ্ৰমিকসকলে দিল্লীৰ আনন্দ বিহাৰ বাছ টাৰ্মিনেলত ভিৰ কৰিছেহি।

শ্ৰমিকসকলে কৈছে যে আন এক লকডাউনৰ আশংকা কৰি তেওঁলোকে ঘৰুৱা ঠাইসমূহলৈ উভটি যাব।

যোৱাবাৰৰ লকডাউনৰ দুঃস্বপ্ন তেওঁলোকে এতিয়াও পাহৰা নাই।

সেয়ে তেওঁলোকে লকডাউনৰ সম্ভাৱনা প্ৰকট হোৱাৰ সময়তে আগতীয়াকৈ পৰিস্থিতৰ স’তে খাপ খোৱাই দিল্লী এৰিছে, যাতে লকডাউন ঘোষণা হ’লে টকা আৰু খাদ্য অবিহনে তেওঁলোক থাকিব লগা নহয়।

আনন্দ বিহাৰ বাছ টাৰ্মিনেলত বিহাৰৰ এগৰাকী প্ৰব্ৰজিত শ্ৰমিকে সংবাদমাধ্যমক কৈছে যে দিল্লীত আৱদ্ধ হৈ থকাতকৈ ইয়াৰ পৰা বিদায় লোৱাই তেওঁলোকৰ বাবে মংগলজনক।

দিল্লীৰ উপৰিও, মুম্বাই আৰু গুজৰাটৰ চহৰসমূহতো একেই পৰিস্থিতিৰ উদ্ভৱ ঘটিছে।

ভাইৰাছ সংক্ৰমণৰ ভয়তকৈও তেওঁলোক জীৱনধাৰণক লৈ চিন্তিত হৈ পৰিছে।