লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

ছুপ্ৰিম ক'ৰ্ট মনিটৰিঙ চি বি আইৰ তদন্তৰ বিচাৰি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ‌ পত্ৰ প্ৰেৰণ সন্দিকৈৰ

হাই-প্ৰফাইল লুইছ বাৰ্জাৰ কেলেংকাৰীৰ চি বি আইৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট এই কেলেংকাৰীটোৰ বিৰুদ্ধে যুঁজি‌ অহা আৰ টি আইৰ এক্টিভিষ্ট ভবেন সন্দিকৈ। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীত খোৱা পানী যোগান প্ৰকল্পৰ নামত সংঘটিত এই কেলেংকাৰীৰ চি বি আইৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০১৫ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল সন্দিকৈয়ে।

এই আবেদনৰ(PIL No.85/2015) শুনানিৰ অন্তত ২০১৭ৰ এক অক্টোবৰত চি বি আইৰ তদন্তৰ নিৰ্দেশ দিছিল মহামান্য ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু মনজিৎ ভূঞাৰ আদালতে। ৰাজ্যখনৰ হাই প্ৰফাইল ৰাজনৈতিক নেতা আৰু আমোলা-বিষয়াৰ নাম সাঙুৰ খাই পৰা‌ কেলেংকাৰীটোৰ চি বি আইৰ তদন্তৰ নিৰ্দেশৰ পাছত চি বি আইৰ এন্টিকাৰাপচন চেলে ২৭অক্টোবৰ,২০১৭ এক গোচৰ(CBI FIR No.RC AC1 2017 A 0006)ৰুজু কৰে। এই গোচৰৰ ভিত্তিত ২০১৮ৰ চেপ্তেম্বৰত চি‌ বি আইৰ অধীক্ষক ৰাজীৱ ৰঞ্জনৰ নেতৃত্বত এটা টিমে গুৱাহাটীত বাহাৰ পাতি উক্ত গোচৰতটোত নাম সাঙুৰ খাই থকা ৰাজ্যখনৰ কেইবাজনো শীৰ্ষ আমোলা-বিষয়াৰ লগতে জি এমডিএৰ অভিযন্তা,কৰ্মচাৰীক জেৰা চলাইছিল।

ইয়াৰ উপৰিও টিমটোৱে এই সম্পৰ্কত যুঁজ দি অহা সন্দিকৈৰ পৰাও এই সম্পৰ্কীয় তথ্য-পাতি সংগ্ৰহ কৰিছিল।পৰৱৰ্তী সময়ত চি বি আইয়ে এই কেলেংকাৰীৰ তদন্ত শিথিল কৰি দিয়ে। আমেৰিকাৰ আদালতত চাৰ্জশ্বীট হোৱা এই গোচৰতটোৰ তদন্তৰ ক্ষেত্ৰত ২০১৮ৰ আজিলৈকে চি বি আইৰ কোনো ধৰণৰ তৎপৰতা নেদেখি এই গোচৰটো ছুপ্ৰিম ক’ৰ্ট মনিটৰিঙ চি বি আইৰ তদন্তৰ বিচাৰি দেশৰ মহামান্য মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ‌ আজি এখন পত্ৰ প্ৰেৰণ কৰিছে সন্দিকৈয়ে। এই সম্পৰ্কত কাকতলৈ প্ৰেৰণ কৰা এক‌ বিবৃতিত সন্দিকৈয়ে আক্ষেপ কৰি কয় যে আমেৰিকাৰ নিউ জাৰ্চি কৰ্টত এই কেলেংকাৰীটোৰ লগত জড়িত লুইছ বাৰ্জাৰ নামৰ আমেৰিকান কোম্পানীটোৰ সেই সময়ৰ ভাৰতস্হ অপাৰেশ্যন হেড James McClungয়ে স্পষ্টভাবে স্বীকাৰোক্তি দিছে যে এই কোম্পানীটোৱে গুৱাহাটী আৰু গোৱাত প্ৰকল্পৰ বাবে প্ৰায় সাত কোটি টকা উপঢৌকন দিছিল।আৰু এই স্বীকাৰোক্তিৰ ভিত্তিত মেকলাঙক এবছৰ অধিক কাল জেল আৰু লুইছ বাৰ্জাৰ কোম্পানীক কেইবাশ কোটি টকা জৰিমনা বিহে।

ইয়াৰ উপৰিও এই কেলেংকাৰীটোৰ আমেৰিকাৰ তদন্তকাৰী সংস্থা চি বি আইয়ে এই কেলেংকাৰীৰ সমস্ত তথ্য প্ৰদানৰ প্ৰতিশ্ৰুতিৰ পিছতো অসম আৰক্ষীৰ তদন্তকাৰী সংস্থা চি আই ডিৰ দৰে চি বি আইয়েও এই ক্ষেত্ৰত কোনো তৎপৰতা দেখুওৱা নাই। বিগত প্ৰায় ছবছৰ কাল তদন্তৰ নামত চি বি আইয়েও কেৱল ভেঁকো ভাওনা কৰিলে। চি বি আই এতিয়া শাসকীয় দলৰ বহতীয়া সংস্থাত পৰিণত হৈছে। কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত চি বি আইয়ে বিগত পাঁচ বছৰৰ অধিক কালত আমেৰিকাৰ পৰা কেলেংকাৰীৰ তথ্য ‌সংগ্ৰহটো দূৰৈৰ‌ কথা,এই কেলেংকাৰীটোৰ লগত জড়িত কোনো এজন ব্যক্তিকে গ্ৰেপ্তাৰ নকৰিলে। ইয়ে চি বি আইৰ দৰে দেশৰ আগশাৰীৰ তদন্তকাৰী সংস্হাটোৰ স্বচ্ছতা-দক্ষতাৰ ওপৰত সন্দেহ সৃষ্টি কৰিছে। কেৱল ছুপ্ৰিম ক’ৰ্ট মনিটৰিঙ চি বি আইৰ তদন্তৰ জৰিয়তেহে এই কেলেংকাৰীৰ সমস্ত তথ্য পোহৰলৈ অহা সম্ভৱ বুলি উল্লেখ কৰি ভবেন সন্দিকৈয়ে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনকাৰী হিচাপে এই সম্পৰ্কত ছুপ্ৰিম ক’ৰ্টৰ মহামান্য মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ আমি এখন পত্ৰ প্ৰেৰণ কৰিছো। আশা ৰাখিছোঁ মহামান্য মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰি চি বি আইৰ দৰে তদন্তকাৰী সংস্হাৰ স্বতন্ত্ৰতা-দক্ষতা, স্বচ্ছ তাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ ল’ব আৰু এই কেলেংকাৰীটোৰ সঠিক দিশত তদন্তৰ নিৰ্দেশ দিব।