বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ , সাংবাদিক, আসাম প্ৰেছ ক’ৰেচপন্ডেন্টচ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি তথা চুতীয়া জাতি সন্মিলনৰ বোকাখাত জিলা সমিতি মুখ্য উপদেষ্টা ভৱেশ শইকীয়াক আজি বোকাখাত জিলা চুতীয়া জাতি সন্মিলন, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া মহিলা সন্মিলনে একত্ৰিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে শিশু কল্যাণ আৰু উত্তৰণৰ বাবে আজীৱন কাম কৰি অহা ভৱেশ শইকীয়াক সদৌ অসম মইনা পাৰিজাতে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত শিশু বন্ধু উপাধি প্ৰদান কৰিছে।
ভৱেশ শইকীয়াই ষাঠি দশকৰে পৰাই শিশু সকলৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াই অহাৰ লগতে বোকাখাতৰ অনাথ আশ্ৰম, বোকাখাত মইনা পাৰিজাত প্ৰতিষ্ঠাৰ উপৰিও বহু অনুষ্ঠান প্ৰতিষ্ঠান সৈতে সক্রিয়ভৱে জড়িত হৈ অৱদান আগবঢ়াই আহিছে।
আজি তেখেতৰ বাসগৃহত আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা, সাহিত্যক অন্নদা শইকীয়া, বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক প্ৰশান্ত শইকীয়া উপস্থিত থাকে।
মহিলা সন্মিলনৰ চন্দ্ৰপ্ৰভা শইকীয়া, বোধেশ্বৰী বৰা, সমজাকৰ্মী, যুৱ সন্মিলনৰ পৰাগ শইকীয়াৰ লগতে বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা সভাপতি মন্টু শইকীয়া, সম্পাদক লাচিত কাকতি আৰু সদস্য দীপাংকৰ বৰাই অংশ গ্ৰহণ কৰি মানপত্ৰ আৰু ফুলাম গামোছাৰে ভৱেশ শইকীয়াক শিশু বন্ধু উপাধিৰ বাবে সম্বৰ্ধনা জনায়৷