NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাত উজলিল অসমৰ খেলুৱৈ

September 29, 2018 2:40 pm · মৃদুল প্ৰীতম ডেকা

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পুনৰ উজলিল অসমৰ খেলুৱৈ। তুৰ্কীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সিঙত প্ৰখ্যাত প্ৰখ্যত বক্সাৰক ধাৰাশায়ী কৰিবলৈ সক্ষম হৈছে অসম কন্যা ভাগ্যৱতী কছাৰীয়ে।

ভাগ্যৱতী কছাৰীৰ ঘৰ ওদালগুৰি জিলাৰ ভেৰগাঁৱত। তুৰ্কীত সোণৰ পদক লাভ কৰি আজি অসমত উপস্থিত হল স্বৰ্ণজয়ী ভাগ্যৱতী কছাৰী।

আজি সোণৰ পদক জিনি বৰঝাৰ বিমানবন্দত উপস্থিত হোৱাৰ পাছতে বিভিন্ন দল সংগঠনে খেলুৱৈ গৰাকীক  উষ্ম আদৰণি জনায়। দল সংগঠনে জনগোষ্ঠীয় পৰম্পৰাৰে ভাগ্যৱতীক আদৰণি জনায়।

Related News