আৰক্ষীৰ জালত পৰিও কিয় বাৰে বাৰে ওলাই আহে এইগৰাকী মহা প্ৰৱঞ্চক?

তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ক্ষোভ মানৱ অধিকাৰ কৰ্মীৰ

Prabansok Final

অসমত দিনক দিনে বৃদ্ধি হৈ আহিছে প্ৰৱঞ্চকৰ টিঘিল ঘিলনী।

কিন্তু আইনৰ সুৰুঙাৰে নে তদন্তকাৰী আৰক্ষী বিষয়াৰ দুৰ্বল স্থিতিৰ বাবে প্ৰৱঞ্চনা কৰি দুদিনমান জেইলৰ ভাত খাই মুকলি আকাশৰ তললৈ ওলাই আহি পুনৰ আৰম্ভ কৰেহি প্ৰৱঞ্চনা?

আমি যোৰহাটৰ এগৰাকী প্ৰবঞ্চকৰ কথা এই বাতৰিত ক’বলৈ বিচাৰিছো। তেওঁৰ নাম বিশ্ব বিৰাজ ভৰদ্বাজ আৰু ঘৰ যোৰহাট চহৰৰ মাজ মজিয়াত।

পেচাত তেওঁ এগৰাকী প্ৰবঞ্চক। বহুতো লোককে তেওঁ প্ৰৱঞ্চনা কৰি চলি আহিছে। কাৰোবাক যদি চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰিছে আন কাৰোবাক আকৌ ঘৰ ভাড়া দিয়াৰ বিনিময়ৰ বাবদ প্ৰৱঞ্চনা কৰি আহিছে।

কেতিয়াবা ধৰা পৰি তেওঁ আৰক্ষীৰ জালত পৰে বা কেইদিনমান কাৰাগাৰৰ ভাত খাই পুনৰ ওলাই আহে।

আন কেতিয়াবা আকৌ আৰক্ষীৰ জিম্মাত থাকিয়ে জামিন লাভ কৰি ওলাই আহে।

জেইলৰ পৰা ওলাই আহি বিৰাজে পুনৰ আৰম্ভ কৰে প্ৰৱঞ্চনা।

বিৰাজৰ প্ৰৱঞ্চনাৰ কেইটামান ঘটনা তলত উল্লেখ কৰা হ’ল।

২০১৭ৰ এপিল মাহত কাহিলীপাৰাৰ এজন লোকৰ পৰা ঘৰ/ সম্পত্তিৰ বিনিময়ত  ৮০ হাজাৰ টকা সৰকাই তিনি বছৰ ধৰি পালতকহৈ থকাৰ পিছত প্ৰৱঞ্চকটোক যোৱা নিশা গ্ৰেপ্তাৰ কৰা হয়।

যোৱা নিশা ভঙাগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ঢাপকতা বৰ সত্ৰৰ স্থায়ী নিবাসী বিশ্ব বিৰাজ ভৰদ্বাজ নামৰ প্ৰফেচনেল প্ৰৱঞ্চকটোক ভঙাগড়ৰ শান্তি পথৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

তেওঁৰ বিৰুদ্ধে ভঙাগড় থানাত ২২৮/২০ নম্বৰ ভাৰতীয় দণ্ডবিধি ৪২০/৪০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখযোগ্য যে বহুবাৰ গ্ৰেপ্তাৰ হোৱা আৰু সাধাৰণ ৰাইজৰ ৰোষৰ বলি হোৱা এই প্ৰৱঞ্চকটোৱে কেইদিনমান পূৰ্বে মহানগৰীৰ বিনয় কুমাৰ নাথ নামৰ এজন লোকক ঘৰ ভাড়া দিয়াৰ নামত১১ হাজাৰ টকা প্ৰৱঞ্চনা কৰি নিছিল।

১০ জুনৰ নিশা লতাশিল আৰক্ষীয়ে বিনয় কুমাৰ নাথে দিয়া এক গোচৰৰ ভিত্তিত বিশ্ব বিৰাজক গ্ৰেপ্তাৰ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, ১২ জুনতেই মুকলি হ’বলৈ সক্ষম হোৱাত সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে।

এই ‘মহা প্ৰৱঞ্চক’জন গ্ৰেপ্তাৰ হৈ যোৱাৰ পাছত বাৰেপতি কেনেকৈ ওলাই আহে তাক লৈ উদ্বিগ্ন হৈ পৰিছে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় ‘তদন্তকাৰী আৰক্ষী বিষয়াৰ দুৰ্বল স্থিতি বা তেওঁৰ কেচ ডায়েৰী দুৰ্বল হোৱাৰ বাবেই আদালতে এনে দোষী লোকক এৰি দিবলৈ বাধ্য হয়।‘

সেয়ে ডঃ শইকীয়াই এনে অপৰাধীয়ে যেন সোনকালে মুকলি হৈ সাধাৰণ নাগৰিকক পুনৰ যাতে ঠগ প্ৰৱঞ্চনা কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী আৰু  আদালতে উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।