• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সত্ৰনগৰী বৰপেটাত ভাওনা সমাৰোহৰ শুভাৰম্ভ: আজি প্ৰদৰ্শিত হ’ব মহিলাৰ ভাওনা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 19, 2019 7:08 am
a8feb1bd-c542-4110-aa95-c18578569d99

সত্ৰনগৰী বৰপেটাত শুকুৰবাৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

308
VIEWS
Share on FacebookShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটকৰ অধিক প্ৰচাৰ- প্ৰসাৰ আৰু প্ৰাণৱন্ত ৰূপত গতিশীল কৰি ৰখাৰ উদ্দেশ্যে বৰপেটাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে চতুৰ্থ সংখ্যক ভাওনা সমাৰোহ ৷

ভাওনা সমাৰোহ সমিতি বৰপেটাৰ উদ্যোগত বৰপেটাৰ নহাটীস্থিত বাছ আস্থানৰ মথুৰাপুৰী ৰংগক্ষেত্ৰত অনুষ্ঠিত এই ভাওনা সমাৰোহ শুকুৰবাৰে পুৱা ৯ বজাত মথুৰাপুৰী ৰংগক্ষেত্ৰৰ দ্বাৰ উদ্ঘাটনেৰে শুভাৰম্ভ কৰা হয় ৷ দ্বাৰ উদ্ঘাটন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসে ৷

পুৱা ৯-১৫ বজাত ভাওনা সমাৰোহ সমিতিৰ ধ্বজা উত্তোলন কৰে ভাওনা সমাৰোহ সমিতিৰ সভাপতি, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ পুৱাৰ ভাগতে সমাৰোহ স্থলীৰ অস্থায়ী নামঘৰত গুৰুআসন প্ৰতিষ্ঠা,পুৱাৰ প্ৰসংগ,গায়ন বায়নৰ প্ৰসংগ, স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত দুপৰীয়া ১২ বজাত মঞ্চ মণ্ডপ মুকলি কৰা হয় ৷

বিয়লি ৩ বজাত সত্ৰীয়া শিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলিৰ পাছত  ৪ বজাত ভাওনা সমাৰোহৰ উদ্বোধনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই সভাতে স্মৃতিগ্ৰন্থ “ৰংগাৱন” উন্মোচন কৰা হয় ৷

শুকুৰবাৰে প্ৰথম দিনা প্ৰদৰ্শিত হোৱা ভাওনা দুখন হল ক্ৰমে লখিমপুৰৰ গোঁসাইপুখুৰীৰ শংকৰজ্যোতি প্ৰগতি সংঘৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “ৰুক্মিনী হৰণ ” আৰু যোৰহাটৰ মঞ্জুলা কলা কেন্দ্ৰৰ মাতৃভাষাৰ ভাওনা “হৰিশ্চন্দ্ৰ উপাখ্যান “৷

আনহাতে, আজি দিনৰ ভাগত অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়া দুখন ভাওনা ক্ৰমে থুল দক্ষিণহাটী বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ” কালীয় দমন ” আৰু গোলাঘাটৰ মণিকাঞ্চন কলা নিকেতনৰ মহিলা শিল্পী দলৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত মহিলা ভাওনা “পাৰিজাত হৰণ” প্ৰদৰ্শিত হ’ব ৷

তিনিদিনীয়াকৈ সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহৰ অহা ২০ জানুৱাৰিত সামৰণি পৰিব ৷

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd