কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ডিমা হাচাওত; অৰ্ধশতাধিক কংগ্ৰেছ নেতা-কৰ্মী আটক

20180910_122032

ফটো : নৰ্থ-ইষ্ট নাও

পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত কংগ্ৰেছে আহ্বান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাৰ্বত্য জিলা ডিমা হাচাওতো সৰ্ব্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়।

আনহাতে আজিৰ এই বন্ধত দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতে ৰে’ল চলাচলও সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে।

হাফলঙত  ডিমা হাচাও জিলা  কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচাৰ নেতৃত্বত কংগ্ৰেছ নেতাকৰ্মী সকলে ৰাজপথত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে  প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত হাফলং আৰক্ষীয়ে জিলা সভাপতি নিৰ্মল লাঙঠাচাকে ধৰি জিলা কংগ্ৰেছৰ প্ৰায় অৰ্ধশতাধিক নেতা-কৰ্মীক আটক কৰি থানালৈ লৈ যায়।

আটক হোৱা লোকসকল হ’ল অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ উত্তৰ পূৰ্বাঞ্চলৰ অধ্যক্ষা চফিয়া খানৰ লগতে জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাঙঠাচা, সাধাৰন সচিব কালিজয় চেঙগুইন, প্ৰাক্তন চি ই এম দেপ’লাল হোজাই, প্ৰাক্তন ই এম লক্ষ্যমণি লাঙঠাচা, যুব কংগ্ৰেছী নেতা ড্যানিয়াল লাঙঠাচা, জ্যাক দাওলাগুপু,  মহিলা কংগ্ৰেছ নেত্ৰী ধনমায়া ফং’ল, তুলচি প্ৰসাদ উপাধ্যায়কে ধৰি প্ৰায় পঞ্চাশ গৰাকী কংগ্ৰেছী নেতা-কৰ্মী।

হাফলং আৰক্ষী থানা চৌহদত জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচাই কয় যে বিজেপি চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা নাইকিয়া হৈছে। যাৰ প্ৰমাণ আজিৰ এই বন্ধ। দেশজুৰি ৰাইজে বন্ধৰ সমৰ্থন জনাইছে। ৫৬ ইঞ্চিৰ মানুহগৰাকী এতিয়া ক’ত? তেওঁ কিয় এই বন্ধ মানি ল’ব পৰা নাই বুলিও লাঙঠাচাই বিজেপিক কটাক্ষ কৰে।

লাঙঠাচাই লগতে কয় যে অকল তেলৰ দাম বৃদ্ধি নহয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰন ৰাইজ জীয়াই থকাটো কঠিন হৈ পৰিছে। যাৰ প্ৰত্যুত্তৰ সাধাৰণ ৰাইজে অহা লোকসভা নিৰ্বাচনত দিব বুলি কয়। ইয়াৰ বাহিৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত বিজেপি দলে জবাব দিব লাগিব।

আনহাতে লাঙটিঙত  বন্ধক  কেন্দ্ৰ কৰি এক  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লাঙটিঙত বিজেপি নেতা-কৰ্মীসকলে জোৰকৈ দোকান খোলাৰ কাৰণে ওলায় আহে। এই কাৰ্যৰ লগে লগে কংগ্ৰেছ নেতা-কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। লগে লগে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি কংগ্ৰেছ কৰ্মীসকলক আটক কৰে। লাঙটিঙৰ বাহিৰে হাৰাঙ্গাজাও, উমৰাঙচু, মাহুৰ মাইবাঙতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

আনহাতে যুৱ কংগ্ৰেছী নেতা ড্যানিয়াল লাঙঠাচাই কয় যে আজি অসমৰ ভিতৰত আটাইতকৈ বেছি পেট্ৰ’লৰ দাম হাফলঙত। তেওঁ কয় যে বিজেপি চৰকাৰে পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ দুই সহস্ৰাধিক কৰ্মচাৰীৰ দৰমহা দিব পৰা নাই কিন্তু তেল বা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি কৰি আছে। তাৰ প্ৰতিবাদত আজিৰ এই বন্ধৰ আহ্বান জনোৱা হৈছে।