হতাশাত কৃষক; লকডাউনৰ বাবে পথাৰতে পচিছে কেইবা লাখ টকাৰ ভোট জলকীয়া

ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ বিশ্বজুৰী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ লগতে দীৰ্ঘসময়ৰ লকডাউনে কেৱল খাদ্য সংকটেই নহয় কেঁচা ঘাম মাটিত পেলাই কষ্ট কৰা খেতিয়ক সকলৰ শ্ৰম অথলে যোৱা পৰিলক্ষিত হৈছে।

খেতিয়ক সকলৰ সপোনৰ পথাৰখনত শাক-পাচলি পথাৰতে পচাত কৃষকে মূৰে কঁপালে হাত দি চিন্তিত হৈ পৰিছে। এইক্ষেত্ৰত নামনি অসমৰ সমান্তৰালভাৱে উজনি অসমৰ কৃষক সকলো ভীষণ লোকচানৰ সন্মুখীন হোৱা দেখা গৈছে।

লকডাউনৰ বাবে বজাৰৰ অভাৱত পৰি যোৰহাট জিলাৰ মৰিয়নীৰ-তিতাবৰ সীমান্তৰ বান্দৰ চলিহাত এগৰাকী শিক্ষিত যুৱক হৃষিকেশ শইকীয়াই তেওঁৰ একক প্ৰচেষ্টাত প্ৰায় ৫ বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰি বজাৰৰ অভাৱত এতিয়া সমস্যাত পৰিছে।

বৰ্তমান লকডাউনৰ বাবে বজাৰ বন্ধ হোৱাত যুৱ-খেতিয়কজনৰ সপোনৰ বাৰীখনত ভোট জলকীয়া বিক্ৰী অভাৱত গছতেই পচিব ধৰিছে।

এশ এবুৰি সমস্যাৰ মাজতেই আকৌ ভূতৰ ওপৰত দানৱ হৈ পৰিছে শেহতীয়া শিল বৰষুণ। ফলত বহু লাখ টকা লোকচানৰ সন্মুখীন হৈছে যুৱ খেতিয়ক হৃষিকেশ শইকীয়া।

অনাগত দিনত প্ৰশাসনৰ তৰফৰ পৰা নিজে উৎপাদন কৰা ভোট জলকীয়াৰ বিক্ৰীৰ সুবিধা কৰি দিয়াৰ আশা কৰিছে কৃষক জনে৷