গেৰুৱা সাজ পিন্ধিয়েই নাগৰিকত্ব বিধেয়ক সম্পৰ্কত ওলোটা খৰ ভুৱনেশ্বৰ কলিতাৰ

বিজেপিৰ সুৰতে সুৰ মিলাই ক’লে, "জনসাধাৰণে ইয়াক গ্ৰহণ কৰিছে।"

Bhubaneswar

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদমেলত ভুৱনেশ্বৰ কলিতা। ১৮ আগষ্টত।

কিছুদিনৰ আগলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান লৈ খিলঞ্জীয়াৰ অস্তিত্বৰ কথা কোৱা ভুৱনেশ্বৰ কলিতাই দল সলনিৰ লগতে নিজৰ স্থিতিও সলাই পেলাইছে।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যসভাত কিছুদিন আগলৈকে সবল কন্ঠেৰে যিকেইজন অসমীয়াই প্ৰতিবাদ কৰিছিল, তাৰ ভিতৰত কলিতা অন্যতম আছিল। বিলখন কোনোপধ্যে যাতে বিজেপি চৰকাৰে গ্ৰহণ কৰিব নোৱাৰে সেই স্থিতিতে অটল আছিল সাংসদগৰাকী।

কিন্তু গেৰুৱা সাজ পিন্ধি বিধেয়কৰ বিৰুদ্ধে থকা সেই ‘সবল কন্ঠ’ যেন হেৰুৱাই পেলালে ভুৱনেশ্বৰ কলিতাই। বৰঞ্চ আওপকীয়াকৈ এই বিধেয়কৰ সমৰ্থন কৰাহে দেখা গৈছে।

দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত কলিতাই এখন সংবাদমেল সম্বোধন কৰে, য’ত সাংবাদিকে কেবৰ সম্পৰ্কত তেওঁৰ বৰ্তমানৰ স্থিতিটো জানিব বিচাৰে।

“কেব বৰ্তমান নাই। নোহোৱা বিষয় এটাৰ ওপৰত আলোচনা নকৰাই ভাল হ’ব। ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত যদি কেবৰ কথাটো দিয়া হৈছে, বা বিষয়টো সামৰি লৈছে। ইয়াৰ প্ৰকৃত উত্তৰ অসমৰ জনসাধাৰণে দিছে আৰু ইয়াক গ্ৰহণ কৰিছে“, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কলিতাই কয়।

তেওঁ আৰু কয়, “বিগত নিৰ্বাচনৰ ফলাফলৰ পাছত মই নাভাৱো এই বিষয়টো আমি পুনৰ উত্থাপন কৰিব পাৰিম।“

আনহাতে, উক্ত সংবাদমেলতে বিজেপিত যোগদানৰ কাৰণ বাখ্যা কৰি কলিতাই কয়, “মই সদায় নীতিগত ৰাজনীতিত বিশ্বাস কৰি চলি আহিছো। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ গ্ৰহণ কৰি এজন সাধাৰণ কাৰ্য্যকৰ্তা হিচাপে যোগদান কৰিছো।”

ইপিনে, কংগ্ৰেছ আৰু বিজেপিৰ মাজত নীতি-আদৰ্শৰ বৃহৎ পাৰ্থক্য থকা বুলি কলিতাই মন্তব্য কৰাৰ উপৰি বিজেপিৰ নীতি-আদৰ্শৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

তেওঁ কয়, “মই আটাইতকৈ সুখী, পূৰ্বৰ কংগ্ৰেছ দলত কেৱল নেতাহে থাকি গ’ল, কাৰ্য্যকৰ্তা নাথাকিল, কৰ্মী নাথাকিল। বিজেপি দলত প্ৰধান মন্ত্ৰীও কাৰ্য্যকৰ্তা, মন্ত্ৰীসকলো কাৰ্য্যকৰ্তা আৰু সভাপতিও কাৰ্য্যকৰ্তা। প্ৰত্যেক গৰাকীৰে দলত সমান স্থান আছে। এইটোৱেই ভাৰতীয় জনতা পাৰ্টীৰ বিশেষত্ব। ই মোক অত্যন্ত আকৰ্ষিত কৰিছে।”