• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূপেন বৰাৰ ফেচবুকত কবিগুৰুৰ ‘একলা চলো ৰে’ ! সম্ভৱ হৈ নুঠিব নেকি বিৰোধীৰ মিত্ৰতা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 3:15 pm
120
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ অসমত বিৰোধী দলসমূহৰ বৈঠকত মিত্ৰজোঁটৰ ভিতৰত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত মতানৈক্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আগন্তুক ’২৫ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আভ্যন্তৰীণ উত্তেজনাৰ বাবে শনিবাৰে সোণাপুৰৰ আতিথ্য ৰিজ’ৰ্টত অনুষ্ঠিত হোৱা আলোচনা অমীমাংসিত ভাৱে সমাপ্ত হয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই দেওবাৰে ছ’চিয়েল মিডিয়াত বাংলা গীত “একলা চলো ৰে” শ্বেয়াৰ কৰে। তেওঁৰ পোষ্টটোত তেওঁ গীতটোৰ কেপচনত লিখিছে, ‘প্ৰি প’ল/ পোষ্ট প’ল’। বৰাৰ এই পোষ্টটোৱে বিৰোধী দলসমূহৰ মাজত থকা সম্পৰ্কক লৈ জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে।

সোণাপুৰত অনুষ্ঠিত হোৱা বৈঠকত অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। গগৈৰ মন্তব্যত অসন্তুষ্ট হৈ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বৈঠকৰ মাজভাগতে সভাত্যাগ কৰে।

সভাৰ পাছত উপস্থিত কোনো এজনে সভাৰ ফলাফল সন্দৰ্ভত কোনো ৰাজহুৱা বক্তব্য নিদিলে। অৱশ্যে সকলোৱে স্বীকাৰ কৰিছিল যে আলোচনাত তীব্ৰ বিতৰ্ক আৰু শক্তিশালী বাক্যবাণৰ অৱতাৰণা হৈছিল। কোনো নেতাই এই বিষয়ে মুকলিকৈ কোৱা নাছিল যদিও শেহতীয়াকৈ ভূপেন কৰাৰ ৰহস্যময় ফেচবুক পোষ্টে যেন নিজৰ নিজৰ স্থিতিৰ ইংগিত দিছে।

শনিবাৰে নিশা বৈঠকৰ পৰা উভতি অহাৰ কিছু সময়ৰ পাছতে অখিল গগৈয়ে ফেচবুক পোষ্ট এটা শ্বেয়াৰ কৰি কয় যে আমি মতাদৰ্শগত বিষয়ত অটল হৈ থাকিম। আলোচনাৰ সময়ত তেওঁৰ আৰু কংগ্ৰেছৰ মাজত হোৱা মতানৈক্যৰ গভীৰতাৰ বিষয়ে এই পোষ্টটোৱে তীব্ৰভাৱে ইংগিত দিছিল।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd