১৫ ডিচেম্বৰত ভূপেন হাজৰিকাৰ জন্মস্থান অৰুণাচলৰ বলুং গাঁৱত উন্মোচন কৰা হ’ব প্ৰতিমূৰ্তি

Bhupen Hazarika

অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ডিবাং ভেলীত ড0 ভূপেন হাজৰিকাৰ এটা পূৰ্ণ অবয়ব প্ৰতিমুৰ্তি স্থাপন কৰিব। অসমৰ শদিয়াৰ ওচৰৰ বলুং নামৰ গাওঁখনত স্থাপন কৰিব লগা মুৰ্তিটোৰ উচ্চতা হৈছে চাৰে দহফুট।

উল্লেখযোগ্য যে অসমৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেণ সিংহই নিৰ্মাণ কৰা এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে অৰুণাচল প্ৰদেশ লিটাৰেৰী চ’ছাইটিয়ে আহ্বান জনোৱাত ২০১৬ চনত অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকীয়ে ৩০ লাখ টকা অনুমোদন কৰিছিল।

অৰুণাচল প্ৰদেশ লিটাৰেৰী চ’ছাইটিৰ সভাপতি য়েছে দৰজে ঠংচি আৰু সম্পাদক বাটেম পাৰ্টিনে আজি এক সংবাদমেলৰ জৰিয়তে অহা ১৫ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে একেলগে প্ৰতিমূৰ্তিটো উন্মোচন কৰিব বুলি জানিবলৈ দিয়ে।

উন্মোচনী অনুষ্ঠানৰ বাবে বলুং গাঁৱত পূৰ্ণোদ্যমে প্ৰস্তুতি চলি আছে। অসম আৰু আৰুণাচল প্ৰদেশৰ সাংস্কৃতিক দলে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব৷ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাক অনুষ্ঠানটোলৈ আমন্ত্ৰন জনোৱা হৈছে৷

উল্লেখযোগ্য যে বলুং গাঁৱতে ১৯২৬ চনত ভূপেন হাজৰিকাৰ জন্ম হৈছিল। সেই সময়ত নেফাৰ অন্তৰ্গত শদিয়াত জন্ম হোৱাৰ লগতে ভূপেন হাজৰিকাই অৰুণাচলৰ বাবে আগবঢ়োৱা সাংস্কৃতিক অবদানৰ প্ৰতি আহ্বান জনাই অৰুণাচল প্ৰদেশ চৰকাৰে ভূপেন হাজৰিকালৈ এই সন্মান আগবঢ়াইছে।