• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয়ৰ প্ৰৱেশত নিষেধাজ্ঞা, বিদেশীক লৈ অসমৰ দুশ্চিন্তাৰ বিপৰীতে কঠোৰ ভুটান

ভুটানত প্ৰৱেশ কৰিবলৈ প্ৰত্যেক ভাৰতীয়ই ১ জানুৱাৰিৰ পৰা দাখিল কৰিব লাগিব ভোটাৰ কাৰ্ড আৰু পাৰপত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2018 6:28 pm
Bhutan_gate_in_Phuentsoling_0

ভুটান গে’ট। ছবি ৱিকিপেদিয়াৰ পৰা।

1.5k
VIEWS
Share on FacebookShare on Twitter

বিদেশীক লৈ অসমবাসীৰ দীৰ্ঘদিনীয়া উদ্বিগ্নতাৰ বিপৰীতে আন বিদেশী বাদেই শক্তিশালী চুবুৰীয়া ভাৰতৰ পৰা প্ৰৱেশ কৰা লোকৰ ক্ষেত্ৰতো কঠোৰতা অৱলম্বন কৰিছে ভুটানে।

নিৰ্বাচনমুখী ভুটানত প্ৰৱেশ কৰিবলৈ হ’লে প্ৰত্যেক ভাৰতীয়ই অহা ১ জানুৱাৰিৰ পৰা দাখিল কৰিব লাগিব ভোটাৰ কাৰ্ড আৰু পাৰপত্ৰ।

অসমৰ বিশেষকৈ ভুটানৰ সীমামূৰীয়া জিলাকেইখনৰ লোকসকলৰ হিমালয়ী দেশখনৰ সৈতে অতীজৰে পৰা থকা অনায়াস আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰি ভাৰতীয়সকলৰ ক্ষেত্ৰত শেহতীয়াকৈ জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা।

ভুটানৰ ফুৱেনচলিঙত থকা ভাৰতীয় কনচুলে’ট জেনেৰেলৰ কাৰ্য্যালয়ে ইতিমধ্যে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে।

“অহা ১ জানুৱাৰিৰ পৰা নাগৰিকত্বৰ প্ৰমাণৰ বাবে প্ৰতি ভাৰতীয়ই হয় ভোটাৰ কাৰ্ড নহয়, পাৰপত্ৰ লৈ যাব লাগিব। আমি পৰিচয় পত্ৰ দিয়া বন্ধ কৰিছো। তেওঁলোকে ভুটানৰ ইমিগ্ৰে’চন কাৰ্য্যালয়লৈ গৈ প্ৰৱেশৰ অনুমতি উলিয়াব পাৰিব,” ভাৰতীয় কনচুলে’ত জেনেৰেলৰ জাননী জাৰিকাৰী বিষয়া ৰাহুল য়াদৱৰ উদ্ধৃতিৰে এই বাতৰি পৰিৱেশন কৰিছে দ টেলিগ্ৰাফে।

ভুটানস্থিত ভাৰতীয় কনচুলে’ট জেনেৰেলৰ এই জাননী যোৱা ৫ অক্তোবৰত প্ৰকাশ পাইছিল।

বৰ্তমান ভুটানত প্ৰৱেশৰ ক্ষেত্ৰত ভাৰতীয় লোকৰ ড্ৰাইভিং লাইচেন্স, আধাৰ আৰু ৰে’চন কাৰ্ডো পৰিচয়ৰ প্ৰমাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছিল।

পৰ্য্যটনৰ পৰা যথেষ্ঠ আয় কৰা সত্বেও ভুটানৰ পৰ্য্যটন নীতিত বিদেশী পৰ্য্যটকৰ সংখ্যাক লৈ সচেতনতা অৱলম্বন কৰা হয়।

Recent News

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

এইসমূহ বিষয়ৰ ওপৰত বুদ্ধিমান মানুহে কেতিয়াও তৰ্ক নকৰে, জানক সবিশেষ…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd