শনিবাৰে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে অসমৰ বঙাইগাঁও জিলা পৰিদৰ্শন কৰি যোগীঘোপাত নিৰ্মাণাধীন আন্তঃৰাষ্ট্ৰীয় মাল্টিম’ডেল লজিষ্টিক পাৰ্ক আৰু শহতীয়া কৈ উদ্বোধন কৰা আভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) টাৰ্মিনেল পৰ্যবেক্ষণ কৰে। ভাৰত-ভূটান সীমান্তৰ সমীপৰ এই প্ৰকল্পসমূহ ভূটানৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।
কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ভ্ৰমণৰ ঐতিহাসিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, ই ভাৰত আৰু ভূটানৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু বিশ্বাসক আৰু শক্তিশালী কৰি তুলিব। তেওঁ যোগীঘোপাৰ আই ডব্লিউ টি টাৰ্মিনেল আৰু মাল্টিম’ডেল লজিষ্টিক পাৰ্কৰ এই ভ্ৰমণ ঐতিহাসিক বুলি অভিহিত কৰে। ভাৰতৰ এক্ট ইষ্ট নীতিৰ সৈতে সংগতি ৰাখি আঞ্চলিক উন্নয়ন আৰু বহনক্ষম বৃদ্ধিৰ লক্ষ্যত এই প্ৰকল্পসমূহে বিশেষ অৰিহণা যোগাইছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ উন্নয়নত সহযোগিতা আগবঢ়াই, সুবিধাজনক বাণিজ্য আৰু লজিষ্টিক সেৱাৰ জৰিয়তে অঞ্চলটোৰ বিকাশ তথা ৰূপান্তৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। অসমৰ জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লজিষ্টিক পাৰ্কত ৰজা ৱাংচুকক আদৰণি জনায়। তেওঁ কয় যে, এন এইচ আই ডি চি এলৰ উদ্যোগত নিৰ্মিত এই পাৰ্ক সম্পূৰ্ণ হ’লে পথ, ৰে’ল, বায়ু আৰু জলপথৰ সমন্বয় ঘটাব।
৩১৭ একৰ ভূমিত বিস্তৃত এই পাৰ্কে ভূটান আৰু বাংলাদেশৰ সৈতে বাণিজ্য বৃদ্ধি কৰি অসমৰ অৰ্থনীতিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ৮২ কোটি টকা ব্যয়ৰ সাপেক্ষে এই আই ডব্লিউ টি টাৰ্মিনেলে বছৰি ১১ লাখ টন সামগ্ৰী পৰিবহণৰ ক্ষমতা ৰাখিব বুলি অনুমান কৰা হৈছে।
ৰজাৰ ভ্ৰমণৰ সময়ত ভূটানৰ আৰক্ষীৰ উপস্থিতিৰ লগতে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰি নিৰাপত্তা কটকটীয়া কৰা হয়। এদিনীয়া এই ভ্ৰমণৰ শেষত ৰজা ৱাংচুকে এই প্ৰকল্পসমূহৰ আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।