• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ ৫ দৰিদ্ৰ মেধাৱী স্নাতকলৈ দিল্লীৰ ৰাউজ আই এ এছ ষ্টাডি চাৰ্কলত অধ্যয়নৰ খৰচ বহন কৰিব ‘বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 13, 2020 11:24 am
b24ecc0e-285b-4343-bf86-70c9758b9054

ফটো: নৰ্থইষ্ট নাও

314
VIEWS
Share on FacebookShare on Twitter

দৰিদ্ৰতা কেতিয়াও অধ্যয়নত হেঙাৰ হ’ব নোৱাৰে। তথাপি আৰ্থিক দৈনতাৰ বাবে বহু দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে।

তেনে সময়তে ‘বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে’ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ আঁচনি ‘পঞ্চ পাৰচমনি’ ঘোষণা কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ট্ৰাষ্টৰ ন্যাসৰক্ষী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে।

এই আঁচনিৰ অধীনত ৰাজ্যৰ ৫ দৰিদ্ৰ মেধাৱী স্নাতকলৈ লেপটপসহ দিল্লীৰ ৰাউজ আই.এ.এছ ষ্টাডি চাৰ্কলত পঢ়া সকলো খৰচ বহন কৰিব ‘বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্টে।

ইপিনে, পাঁচজন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰিবৰ বাবে ট্ৰাষ্টে এক লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত এক চমু সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব।

সাক্ষাৎকাৰত উত্তীৰ্ণসকলে দিল্লীৰ ৰাউজ আই.এ.এছ ষ্টাডি চাৰ্কলত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব।

ক’ভিডৰ প্ৰট’কল মানি অহা ৩০ ছেপ্টেম্বৰত দিনৰ ১১ বজাৰ পৰা বেলতলা নিম্ন বুনিয়াদী বিদ্যালয়ত ২০০ নম্বৰৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব।

এই বাছনি পৰীক্ষাৰ বাবে আগ্ৰহীসকলে অহা ২৬ ছেপ্টেম্বৰৰ ভিতৰত অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। www.onlinener5.com/trust/index.php লিংকৰ জৰিয়তে আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব।

আবেদনকাৰীৰ বয়স ১.১.২০২০ লৈকে ২৫ বছৰ হ’ব লাগিব আৰু স্নাতকত ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব।

ক’ৰ’নাৰ সংকট শেষ নোহোৱা পৰ্য্যন্ত অহা ৯ অক্টোবৰৰ পৰা উত্তীৰ্ণসকলে অনলাইনযোগে দৈনিক পাঠ গ্ৰহণ কৰিব য’ত তেওঁলোকৰ খোৱা-থকাৰ সকলো খৰচ ট্ৰাষ্টে বহন কৰিব।

চৰকাৰী নিৰ্দেশনা অনুসৰি চৰকাৰী বে-চৰকাৰী শিক্ষানুষ্ঠান মুকলি হ’লে পাঁচগৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে দিল্লীস্থিত ৰাউজ আই.এ.এছ চাৰ্কোলত গৈ তেওঁলোকৰ সম্পূৰ্ণ তত্বাৱধানত থাকি পাঠ গ্ৰহণ কৰিব লাগিব।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd