অৱশেষত নতি স্বীকাৰ! বিডেনক ক্ষমতা হস্তান্তৰৰ অনুমতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ

Election 2020 Joe Biden

জো বিডেন আৰু ডোনাল্ড ট্ৰাম্প।

অৱশেষত সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। বিগত ৩সপ্তাহ ধৰি চলি থকা অস্থিৰতা যেন আঁতৰিল।

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিলে যে বিডেনৰ নতুন দলক ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে তেওঁৰ কোনো আপত্তি নাই।

দৰাচলতে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আঁকোৰগোজ স্থিতিয়ে সমগ্ৰ আমেৰিকাতে ব্যাপক সমালোচনাৰ সৃষ্টি কৰে।

ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনে তেওঁক আমেৰিকাৰ ইতিহাসৰ নিকৃষ্টতম ৰাষ্ট্ৰপতি বুলিও অবিহিত কৰিছে।

ট্ৰাম্পে যি আইনী যুঁজৰ কথা কৈছিল তাতো তেওঁ বিশেষ সাফল্য দেখা নাপালে। দুই এখন প্ৰদেশত দ্বিতীয়বাৰ ভোটগণনা হ’লেও কোনো সফলতা নাহিল।

সোমবাৰে ট্ৰাম্প এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। হঠাতে মাৰ্কিন জেনেৰেল চাৰ্ভিচেছ এডমিনিষ্ট্ৰেটৰ (জিএছএ) এমিলি মাৰ্পিয়ে বিডেনৰ দলক ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়াত সহায় কৰাৰ কথা ঘোষণা কৰে। মাৰ্ফিয়ে ইমানদিনে ক্ষমতা হস্তান্তৰ কৰিবলৈ সাজু নাছিল।

তদুপৰি, মাৰ্ফিয়ে জনাই দিয়ে যে ট্ৰাম্প প্ৰশাসনো হেনো ক্ষমতা হস্তান্তৰ কৰিবলৈ সাজু আছে।

এমিলি মাৰ্ফিয়ে বিডেনৰ দলক এখন পত্ৰ লিখি জনাই দিয়ে যে কোনোধৰণৰ ৰাজনৈতিক হেঁচাত তেওঁ শিৰনত কৰা নাই। ইমানদিনে ক্ষমতা হস্তান্তৰৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত তেওঁ ব্যক্তিগতভাৱে লৈছিল। ব্যক্তিগতভাৱে তেওঁ ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া এআৰম্ভ কৰাৰ এইটোৱে সঠিক সময় বুলি উপলব্ধি কৰিছে।

মাৰ্ফিৰ পত্ৰৰ পাছতে ডোনাল্ড ট্ৰাম্পে এটা টুইটৰ যোগে জানিবলৈ দিয়ে যে ক্ষমতা হস্তান্তৰৰ  প্ৰাথমিক প্ৰক্ৰিয়া যদি আৰম্ভ হয় তাত তেওঁৰ কোনো আপত্তি নাই। মাৰ্ফি আৰু তেওঁৰ দলৰ সদস্যসকলে হস্তান্তৰৰ বাবে যি যি কৰিবলগীয়া আছে সেয়া কৰিবই পাৰে। অৱশ্যে, তেওঁ যুঁজ এৰি দিয়া নাই। সত্য এদিন পোহৰলৈ আহিবই।

ট্ৰাম্পৰ এই টুইটে আওপকীয়াকৈ পৰাজয় স্বীকাৰ কৰি লোৱাৰ ইংগিত বুলিয়ে চৰ্চা লাভ কৰিছে।