অসমীয়া চলচ্চিত্ৰৰ এটা পৰিচিত নাম তথা বিদেশত আপোন মানুহ নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ পৰিচালক মানস অধিকাৰীয়ে দেওবাৰে অৰ্থাৎ ২ জুনত নিজা বাসগৃহত চীপ লৈ আত্মহত্যা কৰে।
বহু কেইখন ধাৰাবাহিক আৰু চিনেমা পৰিচালনা কৰা মানস অধিকাৰীয়ে দেওবাৰে বিয়লি নাৰেংগীৰ সেউজ নগৰৰ নিজা বাসগৃহত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি আত্মহত্যা কৰে। আত্মহত্যা কাৰণ বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।
পিছত সন্ধিয়া পত্নী আৰু দুই সন্তানে দুৱাৰ ভাঙি মানসৰ মৃতদেহ দেখা পাই আৰু আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।
মস্যগন্ধা, যোগান্ত তেজাল পুৱা, ভূমিপুত্ৰ, জোন জ্বলে কপালত, উজনিৰ দুজনী গাভৰু, হীটলিষ্ট, পত্নী, সুৰেন চোৰৰ পুতেক, জীৱন নদীৰ দুটি পাৰ, প্ৰিয়া মিলন আদি ২০খনৰো অধিক ছবি সম্পাদনা কৰিছিল মানস অধিকাৰীয়ে। তাৰোপৰি মানস অধিকাৰীয়ে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সম্পাদকৰ বঁটাও লাভ কৰিছিল।
আনহাতে অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় পৰিচালকে এনেদৰে আত্মহত্যা কৰাত ৰাজ্যত অসমীয়া চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।