ডিব্ৰুগড়ত বিগ বাজাৰ শৃংখলাৰ প্ৰথমখন ষ্টোৰ উদ্বোধন

IMG20181009155655 (1)

ভাৰতৰ আগশাৰীৰ হাইপাৰমাৰ্কেট ‘ফিউছাৰ মাৰ্কেট’ৰ শৃংখলা ‘বিগ বাজাৰ’ এখন ষ্টোৰ ডিব্ৰুগড়ত আৰম্ভ কৰা হ’ব। ৩৬,০০০ বৰ্গফুট এলেকাত বিগ বাজাৰৰ ষ্টোৰখন ডিব্ৰুগড়ৰ এ টি ৰ’ডৰ ইণঅডিয়া ক্লাবৰ বিপৰীতে থকামাৰোৱাৰী পট্টিত মুকলি কৰা হৈছে। এই নতুন বিগ বাজাৰখনত ফেশ্যন, খাদ্য সামগ্ৰী, ইলেক্ট্ৰনিকছ, হোম ফাৰ্নিশ্বিং আদি ১,০০,০০০ বিধ সামগ্ৰী গ্ৰাহকে একেখন চালিৰ তলতে ক্ৰয় কৰিব পাৰিব।

এই ষ্টোৰখনত মুঠ ৪টা মহলা আছে। প্ৰথম মহলাত কেবল মহিলাৰ জনগোষ্ঠীয় ফেশ্যন সমগ্ৰী পোৱা যাব। ২য় মহলাত কেবল পুৰুষ আৰু শিশুৰ পশ্চিমীয়া, কেজুৱেল আৰু ফৰ্মেল ফেশ্যন আৰু মহিলাৰ পশ্চিমীয়া সাজ-সজ্জা পোৱা যাব। গ্ৰাহকসকলে জেলাছ-২১, ডিজে এণ্ড চি, এটিছা, বাফেলো, চেম্পিয়ন আৰু লী কুপাৰ আদি ব্ৰেণ্ডৰ শেহতীয়া ফেশ্যনৰ সাজ-সজ্জা ক্ৰয় কৰিব পাৰিব। ষ্টোৰৰ ৩য় মহলাত জোতা চেণ্ডেল, হোম ফেশ্যন, কিচ্চেন সামগ্ৰী, খেলৰ সামগ্ৰী, ষ্টেশ্যনাৰি সামগ্ৰী, পুতলা আৰু আন বহুতো সামগ্ৰী থকিব। ওপৰৰ মহলাত খাদ্য, ষ্টেপলছ, গেলামাল, শাক-পাচলি, ফল-মূল আৰু আন আন দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী থাকিব।

বিগ বাজাৰে প্ৰতিশ্ৰুতি দিছে যে প্ৰায় ১৫,০০ বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰী আটাইতকৈ কম দামত বিক্ৰি কৰিব। তাৰ বাবিৰেও নিৰ্দিষ্ট কেইটামান দিনত ৰেহাই মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰিব ক্ৰেতাই।

বিগ বাজাৰৰ এই ষ্টোৰখন উদ্বোধন হোৱাৰ লগে লগে ডিব্ৰুগড়বাসীয়েও বিগ বাজাৰৰ ‘প্ৰফিট ক্লাব’ৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। গ্ৰাহকে ১০,০০০ টকাৰে সদস্যভুক্ত হৈ প্ৰতি মাহে ১০০০ টকাকৈ এবছৰত মুঠ ১২,০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এই সদস্যভুক্তি দেশৰ ২৮০ খনতকৈও অধিক সংখ্যক বিগ বাজাৰ, ফুড বাজাৰ আৰু এফএফবিত উপলব্ধ।

গ্ৰাহকসকলে ফিউশ্বাৰ গ্ৰুপৰ ‘ডিজিটেল ৱালেট’ ‘ফিউশ্বাৰ পে’ৰ জৰিয়তে বিগ বাজাৰ, এফএফবি, ইজ’ন, হাইপাৰচিটি, চেণ্ট্ৰেল, ইজিডে ক্লাব, হেৰিটেজ, নীলগিৰিজ আৰু ব্ৰেণ্ড ফেক্টৰিকে ধৰি ১০০০ৰো অধিক গ্ৰুপ ষ্টোৰত সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

বিগ বাজাৰে ডিব্ৰুগড়লৈ সুবিধাজনকভাৱে বজাৰ কৰাৰ অভিজ্ঞতা লৈ আহিছে। ইয়াৰ বিশাল এলেকাত গ্ৰাহকে আৰামেৰে বস্তু ক্ৰয় কৰিব পাৰে। ষ্টোৰখনত স্মাৰ্ট আৰু নিৰাপদ ট্ৰায়েল ৰুম আছে। তাৰোপৰি দুয়োফালে প্ৰশস্ত পথ আৰু প্ৰশিক্ষিত কৰ্মচাৰী আছে যিয়ে বজাৰ কৰাটো আনন্দদায়ক কৰি তোলে।