ৰিল বনোৱাত আপত্তি কৰাৰ বাবেই! প্ৰেমিকেৰে মিলি পতিৰ প্ৰাণ ল’লে মহিলাই

woman kills husband

মনোৰঞ্জনৰ আহিলা ইনষ্টাগ্ৰাম ৰিল হৈ পৰিছে হত্যাৰ কাৰণ। ইনষ্টাগ্ৰাম ৰিলক কেন্দ্ৰ কৰি সংঘটিত এক হত্যাকাণ্ডই দখল কৰিছে সংবাদ শিৰোনাম।

এই ঘটনা সংঘটিত হৈছে বিহাৰত। ৰাজ্যখনৰ বেগুছৰাইৰ এগৰাকী মহিলাৰ বিৰুদ্ধে নিজৰ পতিক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

মহিলাগৰাকীয়ে প্ৰেমিক, দুগৰাকী ভগ্নীৰ সৈতে পৰিকল্পনা ৰচনা কৰি নিজৰ পতিক ডিঙি চেপি হত্যা কৰে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ দুগৰাকী ভগ্নীকো জেৰাৰ বাবে আটক কৰিছে।

এই হত্যাকাণ্ড গোচৰত ৫জন লোকৰ নাম উল্লেখ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। হত্যাকাণ্ডৰ আঁৰৰ কাৰণ সন্দৰ্ভতো আৰক্ষীয়ে প্ৰকাশ কৰে চাঞ্চল্যকৰ তথ্য।

আৰক্ষীৰ ভাষ্য মতে, ৰাণী কুমাৰী নামৰ এই মহিলাগৰাকীয়ে ভাইৰেল গীতত ইনষ্টাগ্ৰাম ৰিল বনোৱাত আপত্তি কৰিছিল তেওঁৰ স্বামী মহেশ্বৰ কুমাৰ ৰায়ে।

প্ৰায় ৭ বছৰ পূৰ্বে মহেশ্বৰ কুমাৰে ৰাণী কুমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পূৰ্বে কলকাতাত শ্ৰমিক হিচাপে কাম কৰা মহেশ্বৰ শেহতীয়াকৈ ঘৰলৈ উভতি আহিছিল।

ঘৰলৈ আহি মহেশ্বৰে তেওঁৰ পত্নী ৰাণী কুমাৰীয়ে চ’ছিয়েল মিডিয়া প্লেটফৰ্ম টিক-টক আৰু ইনষ্টাগ্ৰামত অসংখ্য ভিডিঅ’ নিৰ্মাণৰ কৰা দেখিবলৈ পায়।

এই কথাত মহেশ্বৰে বিৰোধিতা কৰিছিল আৰু তাৰ বাবেই ৰাণী কুমাৰীয়ে সুপৰিকল্পিতভাৱে মহেশ্বৰক হত্যা কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।