NORTHEAST NOW (Assamese)

হাজোত এক অনন্য পৰিবেশত উদযাপন ৰঙালী বিহু

April 17, 2021 11:55 am · মৃদুল প্ৰীতম ডেকা

চৌ দিশে ৰঙালীৰ পাৰ ভঙা উছাহ। বিহুৰ সাজেৰে কাৰাটেৰ অনুশীলন হাজোৰ কাৰাটে খেলুৱৈৰ।

ব্যতিক্ৰমী ৰূপত দেখা গ’ল হাজোৰ কাৰাটে খেলুৱৈ সকলক।

কাৰাটেৰ বগা পোছাকযোৰৰ পৰিবৰ্তে হাজোত কাৰাটেৰ ছাত্ৰ-ছাত্ৰী সকলে জাতীয় সাজ পৰিধান কৰি অনুশীলন কৰিলে কাৰাটেৰ।

হাজোৰ সাতদলা কাৰাটে একাডেমীৰ খেলুৱৈ সকলে এনেদৰে ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰা দেখা গ’ল। ছেনচেই দিপাংকৰ মজুমদাৰ নেতৃত্বাধীন ইউনিৰ্ভাচেল কাৰাটে ডো ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অধীনৰ সাতদলা কাৰাটে ক্লাৱে সাতদলা হাইস্কুল প্ৰাঙ্গনত অনুষ্ঠুপীয়াকৈ উদযাপন কৰিছে ৰঙালী বিহু উৎসৱৰ।

খেলুৱৈ সকলৰ হাতত গ্লোভচৰ পৰিৱৰ্তে ঢোল, তাল পেপা। আনহাতে কণমানি কেইগৰাকীয়ে নাচিলে কঁকাল ঘূৰাই। আনকি প্ৰশিক্ষকেও জাতীয় সাজ-পোছাক পৰিধান কৰি কাৰাটে প্ৰশিক্ষণ দিয়াত ব্যস্ত।

ইফালে কণ কণ খেলুৱৈ সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে স্থানীয় এটি বিহুৱা দলে পৰিৱেশন কৰিলে বিহু হুঁচৰি। কৰʼণাৰ দ্বিতীয় লহৰৰ মাজতে সমগ্ৰ ৰাজ্যজুৰি বিহুৰ উন্মাদনা অব্যাহত থকাৰ সময়তে তীৰ্থনগৰী হাজোতো অব্যাহত আছে ৰঙালী বিহুৰ উচাহ।

Related News