অসম আন্দোলনৰ অগ্নিগৰ্ভ সময়ত আন্দোলনকাৰীসকলে সামাজিক ভাৱে বৰ্জন কৰা বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰীৰ পুত্ৰ বিজনলাল চৌধুৰীয়ে হোমেন বৰগোহাঞি সম্পাদিত ‘নাগৰিক’ৰ পাতত অকুতোভয়ে বৰপেটাৰ পৰা মই বদনে কৈছোঁ শীৰ্ষক নিবন্ধেৰে বিবেকবানসকলক জোকাৰি দিছিল। বৰপেটাৰ মাধৱ চৌধুৰী কলেজৰ কৃতি অধ্যাপক চৌধুৰী আৰু অতুল গোস্বামীৰ শ্ৰেণী বৰ্জিত হ’লেও সংখ্যাত কম ছাত্ৰ -ছাত্ৰীৰ একাংশই শ্ৰেণীৰ বাহিৰতে তেওঁলোকৰ প্ৰিয় শিক্ষকৰ অনানুষ্ঠানিক পাঠ গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈছিল। যেনেকৈ প্ৰস্তুত হৈছিল নলবাৰী কলেজৰ একাংশ ছাত্ৰ- ছাত্ৰীয়ে অধ্যাপক শশী শৰ্মাৰ পাঠ লবলৈ।
সিদিনা আবেগ উতলা হৈ আন্দোলনকাৰীয়ে সামাজিক ভাবে বৰ্জন কৰা অধ্যাপক বিজনলাল চৌধুৰীয়ে দীৰ্ঘ সময়ৰ বাবে শ্ৰেণী বৰ্জন কৰি বিদেশী বিতাৰণৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা কৰিছিল। থিয় দিছিল মানৱীয় মূল্যবোধ ৰক্ষাৰ হকে।
যোৱা ২৩ ফেব্ৰুৱাৰীৰ দিনা বৰপেটাত অন্তিম যাত্ৰাৰ পথত তেওঁৰ দীৰ্ঘকালৰ কৰ্মক্ষেত্ৰ মাধৱ চোধুৰী মহাবিদ্যালয় চৌহদত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ শিক্ষকে সেই কথাকে খেদোক্তিৰে সুঁৱৰিলে।
১৯৪০ চনৰ ২৬ আগষ্টৰ দিনা ডিব্ৰুগড়ত ওপজা বিজনলালৰ পিতৃ খ্যাতনামা বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী আৰু মেধাবী মাতৃ পুণ্যপ্ৰভা বৰুৱা। ডিব্ৰুগড়তে বুনিয়াদী শিক্ষা আৰম্ভ হলেও বিজনলালে বৰপেটা বিদ্যাপীঠৰ পৰাই প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কটন কলেজত নাম ভৰ্ত্তি কৰে।
তেওঁ আন দহজনৰ দৰেই কিশোৰ কালতে পদ্যধৰ্মী কবিতা লিখিবলৈ লয়। স্কুলীয়া দিনতে ‘সাদিনীয়া অসমীয়া’ত বিজনলালৰ কবিতা প্ৰকাশ পাইছিল।কলেজলৈ আহি কটন কলেজৰ আলোচনীলৈ কবিতা দিয়াত তেওঁ তেতিয়াৰ ডেকা অধ্যাপক কবি নৱকান্ত বৰুৱাৰ দৃষ্টিলৈ আহে।
১৯৬০ চনৰ ৰাজ্য ভাষা আন্দোলনৰ সময়ত বিজনলাল এজন জাতিপ্ৰেমী অসমীয়া যুৱক।ভাষাপ্ৰেমে হোষ্টেলত থকা তৰুণ বিজনে কটনৰে বঙালী ছাত্ৰকেইজনমানৰ ঘৰত নিশাৰ অন্ধকাৰত শিলাবৰ্ষণ কৰি ‘অসম ৰক্ষাৰ দায়িত্ব পালন’ কৰাৰ কথা কিছুদিন আগতে প্ৰকাশ পোৱা সাক্ষাৎকাৰ এটাত অকপটে স্বীকাৰ কৰিছে।সেই সময়তে কটনৰ ছাত্ৰাবাসৰ মজিয়াত পুলিচৰ গুলিত নিহত ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুৰ মৰ্মান্তিক কাহিনী একেটা সাক্ষাৎকাৰতে তেওঁ বৰ্ণনা কৰিছিল।হোষ্টেল এৰি পল্টনবজাৰৰ অমৰ হোটেলৰ আলহী হোৱাৰ সময়তে তেওঁ ভৱিষ্যতৰ খ্যাতনামা কবি ডেকা অধ্যাপক নীলমণি ফুকনৰ সান্নিধ্য লাভ কৰিছিল।যিয়ে তেওঁক প্ৰায়ে কবিতা শুনাইছিল।
সৃষ্টি হৈছিল এক কাব্যিক পৰিমন্ডল।অমৰ হোটেলত কবি ফুকন ছাৰে বিজনলালৰ বিছনাৰ কাপোৰৰ তলত এখন তৰোৱাল দেখি চমক খাই উঠা কথা আমাক এদিন বিজনলাল চৌধুৰীৰ প্ৰসংগ ওলাওতে কৈছিল।এনেকৈ দুই কবিৰ আকস্মিক যোগাযোগ হলেও দুয়োৰে কাব্যপথ তেতিয়া আছিল ভিন্ন। বিজনলালৰ ১৯৮৩চনত প্ৰকাশিত কাব্যগ্ৰন্থ স্পন্দিত মুহূৰ্তত সেই কথা মূৰ্ত হৈ আছে।
সত্তৰৰ দশকৰ আৰম্ভণিতে চৌধুৰীয়ে এম চি কলেজত অধ্যাপক ৰূপে যোগ দিয়ে। ইফালে বাঁওপন্থী প্ৰগতিবাদী সকলৰ উদ্যোগত ১৯৭১চনত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘নতুন পৃথিৱী’ নামৰ আলোচনীখন প্ৰকাশ পায়। যাৰ মধ্যমণি আছিল বিশ্ববিদ্যালয়ৰ ডেকা অধ্যাপক ড:হীৰেন গোহাঁই।আলোচনীখনে কম সময়ৰ ভিতৰতে বৌদ্ধিক মহলৰ এক উদ্দীপনাৰ সৃষ্টি কৰিছিল। বিজনলাল চৌধুৰীয়ে ‘নতুন পৃথিৱী’ৰ দ্বাৰা উদ্বুদ্ধ হৈ সন্ঢালনিকৈ সাহিত্য অনুশীলনৰ
আৰম্ভ কৰে ।
কিছুদিন পিছতে ১৯৭৫ চনৰ জুন মাহত স্বৈৰাচাৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা জাৰি কৰে। কলেজত যোগ দিয়াৰ লগে লগে বিজনলাল চৌধুৰীয়ে অসম কলেজ শিক্ষক সন্থাৰ সৈতে যুক্ত হয়। ইন্দিৰা গান্ধীৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰতিবাদী আন্দোলনত অসমৰ কলেজ শিক্ষক সকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।।উল্লেখযোগ্য যে এই আন্দোলনত যুক্তসকলৰ মাজত বাঁওপন্থীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু তেওঁলোকৰ বুজন একাংশ আছিল মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সদস্য বা সমৰ্থক।
চৰকাৰে জৰুৰী অবস্থাৰ প্ৰতিবাকাৰী এইসকলৰ ওপৰত নিপীড়ন চলাইছিল,ক’লা আইনৰ(maintenance of internal security act )অধীনত মোকৰ্দমা জাপি দিছিল। বিজনলাল চৌধুৰীয়ে এনেকৈয়ে মিছা আইনত বিনা বিচাৰে ১৯ মাহ কাৰাবাস খাটিব লগা হৈছিল। ১৯৭৮ চনত বিধান সভাৰ নিৰ্বাচনত ২১ জন বাঁওপন্থী বিধায়ক নিৰ্বাচিত হৈছিল।তাৰ মাজৰে কেইবাজনো আছিল কলেজ শিক্ষক।
জাতীয়তাবাদী চেতনাৰ মাজত কলেজীয়া জীৱন আৰম্ভ কৰা তৰুণ বিজনলালে সত্তৰৰ দশকৰ আৰম্ভণিৰ পৰাই বাঁওপন্থী প্ৰগতিবাদী আদৰ্শ গ্ৰহণ কৰে।তেওঁৰ পিতৃ আছিল অসম সাহিত্য সভাৰ সভাপতি, খ্যাতনামা জাতীয়তাবাদী সাহিত্যিক। তেওঁৰেই সন্তান বিজনলাল চৌধুৰীয়ে ন’তুন পৃথিৱী’ৰ বাটেদি বাট বুলি প্ৰগতিবাদী সাহিত্য সংগঠন
‘নতুন সাহিত্য পৰিষদ’ৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকৰ গুৰু দায়িত্ব কান্ধ পাতি পৰিষদৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকাশনৰ গুৰি ধৰিছিল।
পৰিষদে প্ৰকাশ কৰা লক্ষ্মীধৰ শৰ্মা ৰচনাৱলী, অচিন্ত্য ভট্টাচাৰ্য ৰচনাৱলীৰ সম্পাদনাৰ সৈতে যুক্ত হোৱাৰ উপৰিও তেওঁৰ সম্পাদনাতে ‘সাহিত্য বীক্ষণ’ আৰু ‘নতুন পোহৰত লক্ষ্মীনাথ বেজবৰুৱা’ শীৰ্ষক দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশিত হয়। তেওঁৰ -‘জোনাকীৰ আলোড়ন’ আন এখন প্ৰামাণ্য পুথি । বিজনলাল চৌধুৰীৰ সাহিত্য গুৰু প্ৰথিতযশা সাহিত্যিক অনিল ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাবে প্ৰণয়ন কৰা ‘জোতি-চিন্তা’ শীৰ্ষক গ্ৰন্থ খন আন এখন চিন্তা উদ্ৰেককাৰী গ্ৰন্থ।
অসমৰ প্ৰগতিবাদী সাহিত্য আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজ্যখনৰ লগতে বৰপেটাৰ সমাজ জীৱনৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলা প্ৰয়াত চৌধুৰীৰ আন এক বিশেষ অৰিহণা হল অভিবাসী মুছলমান সম্প্ৰদায়ৰ কেইবাগৰাকীমানক (তেওঁৰ অধ্যাপনা কালতে) অসমীয়া ভাষা সাহিত্যৰ যোগ্য উত্তৰাধিকাৰী ৰূপে গঢ়ি তোলা। চিন্তা গধুৰ লিখনিৰে প্ৰতিষ্ঠা লাভ কৰা প্ৰয়াত সাহিত্যিক ইছমাইল হোছেইন সেইসকলৰ অন্যতম। বৰপেটা জিলাৰ দুৰ্যোগৰ সৈতে সংগ্ৰাম কৰি জীৱন জীৱিকা চলোৱা চৰ -চাপৰি অঞ্চলত প্ৰগতিবাদী সাহিত্য চিন্তাৰ প্ৰসাৰত তেওঁ বিশেষ ভূমিকা লৈছিল।
নতুন চাম লেখকক উলিয়াই আনিবলৈ তেওঁ ‘চাবুক’ আৰু ‘সুৰুযমুখী’ৰ দৰে আলোচনী প্ৰকাশ কৰিছিল। তেওঁৰ বিশেষ উদ্যোগতে নতুন সাহিত্য পৰিষদৰ বৰনগৰ সন্মিলনত অনুষ্ঠিত হৈছিল চৰ-চাপৰিৰ সমস্যা সম্পৰ্কীয় আলোক সন্ধানী আলোচনাচক্ৰ।যাৰ ভেটিত পৰৱৰ্তী সময়ত প্ৰকাশিত হৈছিল -‘চৰ চাপৰিৰ জীৱন চৰ্চা’ শীৰ্ষক গ্ৰন্থখন।
বিজনলাল চৌধুৰীয়ে যিকোনো বিষয়তে বিস্ময়কৰভাবে আকৰ্ষণীয় ৰূপত বক্তৃতা দি শ্ৰোতা দৰ্শকক আলোড়িত কৰিব পাৰিছিল। শ্ৰমজীৱীসকলৰ সভা সমাৱেশৰ তেওঁ আছিল এজন অপৰিহাৰ্য বক্তা।হাতত কোনো টোকা নোহোৱাকৈয়ে ঘন্টাৰ পিছত ঘন্টা বক্তৃতাৰে তেওঁ সকলোকে মুগ্ধ কৰি ৰাখিছিল।
এলজাইমাৰৰ দ্বাৰা পীড়িত হোৱাৰ আগলৈ বিজনলাল চৌধুৰীয়ে জিৰণি লোৱাৰ সময় পোৱা নাছিল। চাকৰিৰ পৰা অৱসৰ লৈ তেওঁ ‘নতুন পৃথিৱী’ৰ সম্পাদকৰ দায়িত্ব লৈছিল।
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সভা- সমিতি ৰজনজনাই ৰখা বিজনলাল চৌধুৰীৰ চিনাকী উদাত্ত কন্ঠ যোৱা ২২ফেব্ৰুৱাৰীৰ নিশা চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ’ল। ২৩ ফেব্ৰুৱাৰীৰ দিনা দল- মত নিৰ্বিশেষে অসংখ্য গুণমুগ্ধই তেওঁৰ অন্তিম যাত্ৰাত যোগ দিছিল,কবি- গীতিকাৰ নিবন্ধকাৰ,তেজস্বী বক্তাগৰাকীক জনাইছিল ৰক্তিম অভিবাদন। তেওঁ সোঁশৰীৰে আমাৰ মাজত নাই যদিও এখন শোষণ বঞ্চনাহীন সমাজ গঢ়াৰ তেওঁৰ উদ্দীপনাময় আহবান সদায়েই সকলোৰে মনত প্ৰতিধ্বনিত হৈ থাকিব।