NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত বাইকত অহা দুৰ্বৃত্তৰ ত্ৰাস; দিন-দুপৰতে দুবাৰকৈ থপিয়াই নিলে ২.৫ লাখ টকা

February 4, 2019 8:18 pm · অভিক চক্ৰৱৰ্তী
প্ৰতিনিধিত্বমূলক ছবি

ডিব্ৰুগড় নগৰত আজি সংঘটিত দুটা ভিন্ন ঘটনাত বাইকত অহা দুৰ্বৃত্তই দিন দুপৰতে থপিয়াই ২.৫ লাখ টকা কাঢ়ি নিয়াক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ৩০ মিঃ নিলগৰ থানা চাৰিআলিত সংঘটিত প্ৰথমটো ঘটনাত এছ বি আইৰ পৰা টকা উলিয়াই টুলটুল বৰদলৈ আৰু তেওঁৰ পত্নীয়ে মটৰচাইকেলত গৈ থকা অৱস্থাতে এখন ক’লা ৰঙৰ বাইকত অহা দুজন দুৰ্বৃত্তই মহিলাগৰাকীৰ পৰা ১.৫ লাখ টকা ভৰ্তি বেগটো থপিয়াই নিয়ে।

আনহাতে ইয়াৰ মাত্ৰ ১০ মিনিট পিছতে নগৰখনৰ শান্তিপাৰা অঞ্চলত সংঘটিত দ্বিতীয়টো ঘটনাত বিনীতা মজুমদাৰ নামৰ এগৰাকী মহিলাৰ পৰা বাইকত অহা দুৰ্বৃত্তই ১ লাখ টকা ভৰ্তি বেগ থপিয়াই নিয়ে। মহিলাগৰাকীয়ে য়ুকৌ বেংকৰ পৰা টকাখিনি উলিয়াই ঘৰলৈ গৈ থকাৰ অৱস্থাতে উক্ত ঘটনাটো সংঘটিত হয়।

উল্লেখযোগ্য যে মাত্ৰ ১ কিঃমিঃ ব্যৱধানত সংঘটিত দুয়োটা ঘটনাতে ক’লা ৰঙৰ বাইক ব্যৱহাৰ হোৱাৰ বাবে আৰক্ষীয়ে এয়া একে কেইজন লোকে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

যোৱা কিছুদিনৰ পৰা ডিব্ৰুগড়ত এনেকৈ ধন লুটৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে ড্ৰাগছ আসক্ত একাংশ যুৱক এনে কাৰ্যৰ সৈতে জড়িত হৈ পৰিছে।

আনহাতে ঘটনা সন্দৰ্ভত দুয়োগৰাকী ভুক্তভোগীয়ে ডিব্ৰুগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে দুটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related News