পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ আঢ়ৈ বছৰীয়া কাৰ্যকালতে অসমত সৰ্বাধিক ২৫১টা দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছে। এই দেশদ্ৰোহৰ গোচৰসমূহ ৰুজু হৈছে বিভিন্ন ব্যক্তি তথা সংগঠনৰ বিৰুদ্ধে।
আজি বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই চাঞ্চল্যকৰ তথ্য সদৰী কৰে।
মন্ত্ৰী পাটোৱাৰীয়ে সংসদত এই গোচৰসমূহৰ সবিশেষ তথ্য দাঙি ধৰি কয় যে আলফা(স্বাঃ), এন ডি এফ বি(এছ), এন ডি এফ বি(বি), কে এল অ’, এন এছ এল এ, এন এছ এল এ(এটি), য়ু পি এল এফ এছ, ডি এইচ ডি, ডি এইচ এন এ, এন এছ চি এন(আই এম), জেড য়ু এফ আৰু এ টি এফ আদি নিষিদ্ধ সংগঠনৰ বিৰুদ্ধেই এইসমূহ দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছে।
মন কৰিব লগীয়া যে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনসমূহৰ উপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁইৰ লগতে সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধেও অলপতে ৰাজ্য চৰকাৰে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল।
ইফালে অসমৰ কোকৰাঝাৰ জিলাত সৰ্বাধিক ৮৮টা, চিৰাং জিলাত ৪৩টা আৰু উজনি অসমৰ তিনিচুকীয়া জিলাত ৪০টাকৈ দেশদ্ৰোহৰ গোচৰ ৰুজু হোৱা বুলি অকপটে স্বীকাৰ কৰে মন্ত্ৰী পাটোৱাৰীয়ে।
উল্লেখ্য যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে ৰাজ্যত ২৫১টা দেশদ্ৰোহৰ গোচৰ ৰুজু হোৱা বুলি মন্ত্ৰী পাটোৱাৰীয়ে সংসদত দাঙি ধৰা তথ্যই স্বাভাৱিকতে সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।