ভাৰতৰ প্ৰথমখন ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী হিচাপে পৰিচিত খড়গপুৰ আইআইটিয়ে ইয়াৰ ৭৫ বছৰীয়া বৰ্ণিল ইতিহাসত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সাজু হৈছে। ব্ৰিটিছ আমোলৰ কুখ্যাত হিজলী ডিটেনচন কেম্পৰ স্থানত গঢ় লৈ উঠা এই প্ৰতিষ্ঠানখনে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব। ইয়াৰ জৰিয়তে নেচনেল মেডিকেল কমিশ্যনৰ স্বীকৃতিপ্ৰাপ্ত স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰম মুকলি কৰা দেশৰ প্ৰথমখন আইআইটি হোৱাৰ গৌৰৱ অৰ্জন কৰিছে প্ৰতিষ্ঠানখনে। যি ভূমিত এদিন স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছৰ হাতত প্ৰাণ হেৰুৱাইছিল, সেই একেখন মাটিতে এতিয়া জীৱনদায়িনী চিকিৎসকৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
খড়গপুৰ আইআইটিয়ে জেনেৰেল মেডিচিন, ৰেডিঅ’লজী, ফিজিঅ’লজী, পেথ’লজী, কমিউনিটী মেডিচিন আৰু বায়’কেমিষ্ট্ৰী এই ছটা বিভাগত এমডি পাঠ্যক্ৰম আগবঢ়াব। প্ৰতিটো বিভাগতে প্ৰাৰম্ভিক পৰ্যায়ত দুখনকৈ আসন থাকিব, যাৰ জৰিয়তে সৰ্বমুঠ ১২ গৰাকী শিক্ষাৰ্থীৰে প্ৰথমটো বেটচ আৰম্ভ কৰা হ’ব। এই ১২ গৰাকী শিক্ষাৰ্থীয়ে আইআইটি ব্যৱস্থাৰ অন্তৰ্গত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা প্ৰথমগৰাকী স্নাতকোত্তৰ ছাত্ৰ হিচাপে ইতিহাস ৰচিব। তেওঁলোকে এনে এক শৈক্ষিক পৰিৱেশ লাভ কৰিব য’ত চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিকবিদ্যা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ অপূৰ্ব সমন্বয় ঘটিব।
ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালে এই প্ৰতিষ্ঠানখনৰ গুৰুত্ব অপৰিসীম। ব্ৰিটিছ চৰকাৰে ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলক মানসিকভাৱে দুৰ্বল কৰিবলৈ হিজলী ডিটেনচন কেম্প স্থাপন কৰিছিল। আন্দামানৰ চেলুলাৰ জেইলৰ পাছতেই এই বন্দীশালখন স্বাধীনতা সংগ্ৰামীসকলৰ বাবে সৰ্বাধিক আতংকৰ কাৰণ আছিল। সন্তোষ কুমাৰ মিত্ৰ আৰু তাৰকেশ্বৰ সেনগুপ্তৰ দৰে সংগ্ৰামীয়ে ইয়াতেই প্ৰাণ আহুতি দিছিল। স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে এই যন্ত্ৰণাদায়ক স্থানটোক কেৱল এক স্মৃতিস্তম্ভ হিচাপে ৰখাৰ পৰিৱৰ্তে ১৯৫১ চনত ইয়াক এখন উচ্চ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰে।
ডাঃ বি চি ৰয় মাল্টি-স্পেচিয়েলিটী মেডিকেল ৰিচাৰ্চ চেন্টাৰৰ জৰিয়তে প্ৰতিষ্ঠানখনে স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিৰ একত্ৰীকৰণৰ যি সপোন দেখিছিল, সেয়া এতিয়া বাস্তৱায়িত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। আজিৰ আধুনিক চিকিৎসা বিজ্ঞান মূলতঃ ডাটা, মেচিন লাৰ্নিং আৰু ডিজিটেল হেল্থ টুলছৰ ওপৰত নিৰ্ভৰশীল। খড়গপুৰ আইআইটিৰ এই নতুন পদক্ষেপে আধুনিক প্ৰযুক্তি আৰু চিকিৎসা বিজ্ঞানৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব, যিয়ে ভৱিষ্যতৰ স্বাস্থ্য খণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে।


