কংগ্ৰেছ শাসিত তেলেংগানা চৰকাৰৰ উদ্যোগত হায়দৰাবাদত আয়োজিত ‘ভাৰত চামিট’ত অংশগ্ৰহণ কৰিবলগীয়া শতাধিক বিদেশী প্ৰতিনিধিৰ ভিছা বাতিলক লৈ ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত হৈছে। পূৰ্বে অনুমতি প্ৰদান কৰাৰ পাছতো ১১৫ গৰাকী বিদেশী প্ৰতিনিধিক ভাৰতত প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ শশী থাৰুৰে। এই বিষয়ত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ভিছা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰাটো চৰকাৰৰ এক ‘সাৰ্বভৌম অধিকাৰ’।
কংগ্ৰেছ সাংসদ শশী থাৰুৰে সামাজিক মাধ্যমৰ জৰিয়তে অভিযোগ উত্থাপন কৰিছে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা আগতীয়া সন্মতি লাভ কৰাৰ পাছতো প্ৰায় ১১৫ গৰাকী বিদেশী প্ৰতিনিধিক ভাৰতত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নহ’ল অথবা তেওঁলোকৰ ভিছা বাতিল কৰা হ’ল। গৃহ মন্ত্ৰালয়ৰ পোনপটীয়া নিৰ্দেশ মৰ্মেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি থাৰুৰে দাবী কৰিছে। এই সমগ্ৰ বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ভিছা প্ৰদান বা বাতিলৰ বিষয়টো যিকোনো দেশ বা চৰকাৰৰ সাৰ্বভৌম অধিকাৰৰ (Sovereign Right) অন্তৰ্ভুক্ত।” অৱশ্যে, প্ৰথম অৱস্থাত এই প্ৰতিনিধিসকলক ভিছা প্ৰদান কৰাৰ পাছত পৰৱৰ্তী সময়ত কিয় তাক আকস্মিকভাৱে বাতিল কৰা হ’ল, সেই সন্দৰ্ভত মন্ত্ৰালয়ৰ ফালৰ পৰা কোনো স্পষ্ট কাৰণ দৰ্শোৱা হোৱা নাই।
ভিছা বাতিল হোৱা প্ৰতিনিধিসকলৰ ভিতৰত নৰৱেৰ সাংবাদিক হেলে লিং (Helle Ling) অন্যতম। তেওঁ মে’ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অছলো ভ্ৰমণৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াক লৈ প্ৰশ্ন উত্থাপন কৰি চৰ্চালৈ আহিছিল। হেলে লিঙে অভিযোগ কৰে যে যাত্ৰাৰ ঠিক আগমুহূৰ্তত তেওঁক ভিছা বাতিলৰ বিষয়ে অৱগত কৰা হৈছিল। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এই ঘটনাক কেন্দ্ৰ চৰকাৰৰ বিৰোধী কণ্ঠ ৰোধ কৰাৰ এক প্ৰয়াস বুলি অভিহিত কৰিছে। তেওঁ অভিযোগ কৰে যে যিসকলে প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ সমালোচনা কৰে, তেওঁলোককেই ভাৰতত প্ৰৱেশত বাধা দিয়া হৈছে।
আনহাতে, এই সন্মিলনখনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অভিযোগ কৰে যে এই সন্মিলনৰ উদ্দেশ্য হৈছে ভাৰত বিৰোধী শক্তিসমূহক একত্ৰিত কৰা। বিজেপি নেতাসকলে লগতে প্ৰশ্ন উত্থাপন কৰে যে তেলেংগানা চৰকাৰে অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ থকাৰ সময়ত এনে এখন সন্মিলনৰ বাবে কিয় বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন ব্যয় কৰিছে।
১৩ আৰু ১৪ নৱেম্বৰত হায়দৰাবাদত অনুষ্ঠিত এই সন্মিলনত ভাৰতৰ লগতে প্ৰায় ৭০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল। জলবায়ু পৰিৱৰ্তন, গণতন্ত্ৰ, অৰ্থনৈতিক বিকাশ আৰু গোলকীয় ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছিল। শনিবাৰে সন্মিলনৰ সামৰণি অনুষ্ঠানত লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰে। ভিছা বিতৰ্কক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি থকা এই তীব্ৰ বাকযুদ্ধই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছে।





