কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে শেহতীয়াকৈ কেন্দ্ৰীয় মটৰ গাড়ী নিয়ম, ১৯৮৯ত গুৰুত্বপূর্ণ পৰিৱর্তন আনিছে। এক নতুন প্ৰস্তাৱ আগবঢ়াইছে কেন্দ্ৰই। প্ৰস্তাৱ অনুসৰি, মটৰবাইক নিৰ্মাতাসকলে গাড়ী বিক্ৰীৰ সময়ত গ্ৰাহকক দুটা মানদণ্ডসম্পন্ন হেলমেট বিনামূলীয়াকৈ প্ৰদান কৰিব লাগিব।
এই নতুন নিয়মত স্পষ্টকৈ কোৱা হৈছে যে, কেৱল চালক নহয়, পিছতছৰফালে বহা আৰোহীৰ সুৰক্ষাও সমানে গুৰুত্বপূৰ্ণ। সেই বাবে দুজনাৰ বাবে পৃথক হেলমেট থাকাটো বাধ্যতামূলক কৰা হৈছে। এই হেলমেটসমূহ ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (BIS)ৰ মান অনুসৰি প্ৰস্তুত হ’ব লাগিব।
এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এখন অধিসূচনা জাৰি কৰিছে। অধিসূচনাত উল্লেখ কৰা অনুসৰি, এই নিয়ম ২০২৫ চনত বলৱৎ হোৱাৰ তিনিমাহৰ ভিতৰত কার্যকৰী হ’ব। নিৰ্মাতাসকলক এই নতুন দিশ-নিৰ্দেশ মানি চলিব লাগিব।
ইয়াৰ উপৰিও, পথ সুৰক্ষা অধিক নিশ্চিত কৰিবলৈ কেন্দ্ৰই আন এটা গুৰুত্বপূর্ণ নিয়ম প্ৰস্তাৱ কৰিছে। যিকোনো মটৰবাইক বা স্কুটাৰৰ ইঞ্জিন ক্ষমতা ৫০ চিচিৰ ওপৰত বা সৰ্বোচ্চ গতি ঘণ্টাত ৫০ কিলোমিটাৰৰ ওপৰতহ’লে,সেই বাহনতএণ্টি-লক ব্ৰেকিং ছিষ্টেম (ABS)সংলগ্ন থাকিব লাগিব। এই নতুন ABS বিধান২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। লগতে, এই ABS চিষ্টেমসমূহেও ISI মানদণ্ড পূৰণ কৰিব লাগিব।