বৃহস্পতিবাৰে সন্ধিয়া উপকূলীয় গুজৰাটত ‘তীব্ৰ’ ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’-য়ে আঘাত হানে। বিপৰ্যয়ৰ ফলত দুজন লোকৰ মৃত্যু ঘটিছে। আহত হৈছে কমেও ২২ জন লোক। বিপৰ্যয়ৰ ফলত বহু বিদ্যুতৰ খুঁটা আৰু গছ উভালি পৰিছে। ২৩টা জীৱ-জন্তুৰো মৃত্যু ঘটিছে।
চৰকাৰী তথ্য অনুসৰি গুজৰাটৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বতাহ আৰু ধাৰাসাৰ বৰষুণৰ ফলত ৫২৪ ডালতকৈও অধিক গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰিছে। ইয়াৰ ফলত এতিয়া প্ৰায় ৯৪০ খন গাঁৱত বিদ্যুৎ বিছিন্ন হৈ পৰিছে।
লগতে পঢ়ক: পুৱতি নিশা কলিয়াবৰত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন; আহত বহুকেইজন বাছ যাত্ৰী
বতৰ বিভাগৰ তথ্য অনুসৰি স্থলপথত প্ৰৱেশৰ সময়ত গুজৰাটৰ উপকূলীয় অঞ্চলত ঘণ্টাত ১২০ কিলোমিটাৰতকৈ অধিক বেগেৰে ধুমুহা বলিছিল। ৰাজ্যখনৰ সৌৰাষ্ট্ৰ আৰু কুচ উপকূলত ধাৰাসাৰ বৰষুণ হৈছে।
এতিয়া ৰাজস্থানৰ দিশে আগবাঢ়িছে বিপৰ্যয়। কিন্তু স্থলপথত প্ৰৱেশ কৰাৰ পিছত বিপৰ্যয়ে শক্তি হেৰুৱাইছে। শুকুৰবাৰ আৰু শনিবাৰে ৰাজস্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।
শুকুৰবাৰ আৰু শনিবাৰে যোধপুৰ আৰু উদয়পুৰতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও শুকুৰবাৰে জয়ছলমেৰ, বৰমেৰ, জালোৰ আৰু যোধপুৰৰ ওপৰেৰে আৰু শনিবাৰে যোধপুৰ, উদয়পুৰ আৰু আজমীৰৰ ওপৰেৰে ঘণ্টাত ৬০ৰ পৰা ৭০ কিলোমিটাৰ বেগত প্ৰবল ধুমুহা বলাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক:পুনৰ উত্তপ্ত মণিপুৰ! ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ঘৰত অগ্নিসংযোগ
ইতিমধ্যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে মুখ্য সচিব, ডিজিপি আৰু বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন সাজু বুলিও তেওঁ জানিবলৈ দিয়ে।