• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদীপ দত্ত ৰয়ক ৰাজপথত প্ৰহাৰ কৰাৰ হুংকাৰ বীৰ লাচিত সেনাৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 3, 2019 4:48 pm
3.7k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য আগবঢ়াই অহা বৰাকৰ বহিষ্কৃত বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অলপতে কৰা অসমীয়া বিৰোধী মন্তব্যৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে বীৰ লাচিত সেনা, অসম।

শিৱসাগৰ নগৰত আজি এখন সংবাদমেল সম্বোধন কৰি কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা আৰু শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱাই প্ৰদীপ দত্ত ৰয়ৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু আৰ এছ এছকো তীব্ৰ সমালোচনা কৰে।

অসমীয়া ভাষা আৰু অসমীয়া বিৰোধী মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ক উজনি অসমত প্ৰৱেশ বন্ধ কৰাৰ লগতে তেওঁক ৰাজপথত প্ৰহাৰ কৰাৰো হুংকাৰ দি বীৰ লাচিত সেনাই কয়, ‘হেংদান আছেও, উলিয়ামো আৰু অসমীয়া বিৰোধীক কাটিমো’।

‘বীৰ লাচিত সেনাই অসমৰ ৰাজপথত যতেই দেখে তাতেই প্ৰদীপ দত্ত ৰয়ত পিটিব। মাৰৰ কোবত তেওঁ অসমীয়া কোনখন মুখে কয়, বঙালী কোনখন মুখে কয় তাক পাহৰি যাব।’ সংবাদমেলত তেওঁলোকে কয়।

উল্লেখযোগ্য যে এইগৰাকী নেতাই পূৰ্বেও ‘কেব’ৰ ঘোৰ সমৰ্থন কৰি আহিছে আৰু কেইবাটাও অসমীয়া বিৰোধী বিতৰ্কিত মন্তব্য কৰাৰ উদাহৰণ আছে।

আনকি অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ‘কেব’ৰ বিৰোধিতা কৰিলে বিশ্ববিদ্যালয়ত সোমাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি এবাৰ বিতৰ্কত সোমোৱাৰ উপৰি অসম সাহিত্য সভাৰ সভাপতিকো উভতি ধৰিছিল। ফলত যোৱা জানুৱাৰিত তেওঁক বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰিছিল।

আজিৰ সংবাদমেলত ‘কেব’ গৃহীত কৰিলে বিজেপি আৰু আৰ এছ এছৰ লগত প্ৰত্যক্ষ যুদ্ধত নামিব বুলি লাচিত সেনাই ঘোষণা কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি তেওঁলোকৰ দৰে নেতাৰ বাবেই প্ৰদীপ দত্ত ৰয়ৰ দৰে মানুহে অসমীয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছে বুলি কয় লাচিত সেনাই।

Recent News

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

পিতৃৰ লগত থাকিবলৈ ১ কোটি টকা দাবী কন্যাৰ! পিছে মাতৃক সমালোচনা কৰিলে ছুপ্ৰীম কোৰ্টে, কিন্তু কিয়?

পিতৃৰ লগত থাকিবলৈ ১ কোটি টকা দাবী কন্যাৰ! পিছে মাতৃক সমালোচনা কৰিলে ছুপ্ৰীম কোৰ্টে, কিন্তু কিয়?

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd