NORTHEAST NOW (Assamese)

প্ৰদীপ দত্ত ৰয়ক ৰাজপথত প্ৰহাৰ কৰাৰ হুংকাৰ বীৰ লাচিত সেনাৰ

December 3, 2019 4:48 pm · পার্শ্বজোতি গগৈ

নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য আগবঢ়াই অহা বৰাকৰ বহিষ্কৃত বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অলপতে কৰা অসমীয়া বিৰোধী মন্তব্যৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে বীৰ লাচিত সেনা, অসম।

শিৱসাগৰ নগৰত আজি এখন সংবাদমেল সম্বোধন কৰি কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা আৰু শিৱসাগৰ জিলা সভাপতি চিতু বৰুৱাই প্ৰদীপ দত্ত ৰয়ৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু আৰ এছ এছকো তীব্ৰ সমালোচনা কৰে।

অসমীয়া ভাষা আৰু অসমীয়া বিৰোধী মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ক উজনি অসমত প্ৰৱেশ বন্ধ কৰাৰ লগতে তেওঁক ৰাজপথত প্ৰহাৰ কৰাৰো হুংকাৰ দি বীৰ লাচিত সেনাই কয়, ‘হেংদান আছেও, উলিয়ামো আৰু অসমীয়া বিৰোধীক কাটিমো’।

‘বীৰ লাচিত সেনাই অসমৰ ৰাজপথত যতেই দেখে তাতেই প্ৰদীপ দত্ত ৰয়ত পিটিব। মাৰৰ কোবত তেওঁ অসমীয়া কোনখন মুখে কয়, বঙালী কোনখন মুখে কয় তাক পাহৰি যাব।’ সংবাদমেলত তেওঁলোকে কয়।

উল্লেখযোগ্য যে এইগৰাকী নেতাই পূৰ্বেও ‘কেব’ৰ ঘোৰ সমৰ্থন কৰি আহিছে আৰু কেইবাটাও অসমীয়া বিৰোধী বিতৰ্কিত মন্তব্য কৰাৰ উদাহৰণ আছে।

আনকি অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ‘কেব’ৰ বিৰোধিতা কৰিলে বিশ্ববিদ্যালয়ত সোমাবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰি এবাৰ বিতৰ্কত সোমোৱাৰ উপৰি অসম সাহিত্য সভাৰ সভাপতিকো উভতি ধৰিছিল। ফলত যোৱা জানুৱাৰিত তেওঁক বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰিছিল।

আজিৰ সংবাদমেলত ‘কেব’ গৃহীত কৰিলে বিজেপি আৰু আৰ এছ এছৰ লগত প্ৰত্যক্ষ যুদ্ধত নামিব বুলি লাচিত সেনাই ঘোষণা কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি তেওঁলোকৰ দৰে নেতাৰ বাবেই প্ৰদীপ দত্ত ৰয়ৰ দৰে মানুহে অসমীয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছে বুলি কয় লাচিত সেনাই।

Related News