বিশ্বনাথৰ ৰাসত আমিৰ খানৰ ভাও!নন্দৰ ভাঁৱত অৱতীৰ্ণ হ’ল আমিৰ খান! শান্তি-সম্প্ৰীতিৰ লগতে সমন্বয়ৰ থলীলৈ ৰূপান্তৰিত হ’ল বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱ! বিশ্বনাথৰ সাংবাদিক আমিৰ খান আৰু জোনমনি বেগম অবতীৰ্ণ হল নন্দ-যশোদাৰ ভাঁৱত!
ইছলাম ধৰ্মালম্বী দম্পতীৰ দুৰ্দান্ত ভাঁৱে মন মুহিলে উত্তৰ চাৰিআলি ৰাস মহোত্সৱত উপস্থিত থকা হাজাৰ হাজাৰ দৰ্শকৰ।
হয়, জাত পাতৰ ৰাজনীতিৰে সমাজত বিভেদ আনিবলৈ একাংশই অহৰহ চেষ্টা কৰি থকাৰ সময়তে বিশ্বনাথৰ ৰাস মহোত্সৱত দেখা গ’ল ভাতৃত্ববোধৰ সুন্দৰ নিদৰ্শন। বিশ্বনাথ ৰাস মহোৎসৱত এহাল ইছলাম ধৰ্মালম্বী দম্পতীয়ে অবতীৰ্ণ হল নন্দ যশোদাৰ ভাঁৱত।নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেখেতৰ সহধৰ্মিণী জোনমনি বেগমৰ দুৰ্দান্ত অভিনয়ে মনমুগ্ধ কৰি তুলে হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজক। যি সময়ত জাতি ধৰ্ম বৰ্ণক লৈ ৰাজ্যত একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষয়বাস্প বিয়পাবলৈ চেষ্টা কৰিছে তেনে সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মালম্বী এই দম্পতীয়ে বৃহত্তৰ অসমীয়া জাতীৰ সম্প্ৰতিৰ এনাজৰি ডাল মজবুত কৰিবলৈ গ্ৰহন কৰা এই পদক্ষেপে বিশেষ তাপৎয্য বহন কৰিছে। নন্দ যশোদাৰ ভাঁৱত অবতীৰ্ণ হৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে দম্পত্তি।
বাইট :
এই দম্পতী হালৰ নন্দ উৎসৱ নাটত বিদুৰ ভাই বোলছবিৰ অভিনেতা উজ্জ্বল ৰাজখোৱা আৰু বলিন বৰাও দৰ্শকক হাঁহিৰ খোৰাক জগাই।
বাইট :
উল্লেখ্য যে বিশ্বনাথৰ আঢ্যবন্ত সংস্কৃতিৰ নিটোল ৰূপত উপস্হাপনৰ প্ৰয়াস কৰা উত্তৰ অসমৰ সৰ্ববৃহৎ মুকলি ৰাস উৎসৱ সাৰ্বজনীন বিশ্বনাথ ৰাসউৎসৱত আজি অন্তিমটো অন্তিমটো নিশা উপস্হিত হয় যুৱ প্ৰজন্মৰ হাৰ্থঅফ জুবিন গাৰ্গে জুবিনে গাৰ্গে এই ৰাস মহোৎসৱ প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰাৰ লগতে বিশ্বনাথক লৈ তেওঁ কিবা পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে যদিও সেই পৰিকল্পনা পৰবৰ্তী সময়তহে জনাব বুলি কয়।
বাইট :
ইফালে জনপ্ৰীয় শিল্পী ৰিছা ভৰদ্বাজেও উক্ত নিশা এই ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।এক প্ৰকাৰে জুবিন গাৰ্গক সন্মূখৰ পৰা প্ৰতক্ষ্য কৰিবলৈ আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা শিল্পী সকলক চাবলৈ হেতা-ওপৰা লগাৰ লগতে ইছলাম ধৰ্মালম্বী দম্পতী আমিৰ খান আৰু জোনমনি বেগমৰ ভাও চাবলৈ এক জনসমূদ্ৰত ৰূপান্তৰিত হল বিশ্বনাথৰ ৰেলগেট স্থিত ৰাস বাকৰি।ইফালে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা,কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি উদযাপন সমিতিয়ে এই ৰাস বাকৰিৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাবলৈ প্ৰয়াস কৰিছে।