জীৱন জিন্দাবাদ! শিৱসাগৰৰ বকতাৰ এজন উদ্যমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা; হাতে কামে অসমীয়া

নিজৰ দোকানৰ সৈতে বিশ্বজিত গগৈ।ফটোঃ নৰ্থইষ্ট নাও।

পথাৰ আমাৰ, বজাৰ আমাৰ। কেৱল মুখৰ কথাত নহয়, হাতে কামে কৰি দেখুৱাবলৈ ওলাই আহিছে শিৱসাগৰৰ বকতাৰ এজন উদ্যমী যুৱকে। ছ’চিয়েল মিডিয়াটো যুৱকজনে লাভ কৰিছে ব্যাপক চৰ্চা।

শিৱসাগৰ নগৰৰ পদপথত গ্ৰাহকৰ ভিৰ লাগি থকা এই ফলমূলৰ দোকানখনত গ্ৰাহকক লৈ ব্যস্ত হৈ থকা যুৱকজনৰ নাম বিশ্বজিত গগৈ।

শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ শিল্পীসুলভ মনৰ গৰাকী বিশ্বজিতে আটোমটোকাৰিকৈ শিৱসাগৰ নগৰৰ মাজমজিয়াত আৰম্ভ কৰিছে এখন ফলমূলৰ দোকান। নাম দিছে সুগন্ধি ফল ভাণ্ডাৰ।

শিৱসাগৰ নগৰ ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত আৰম্ভ কৰা এইখন ফলৰ দোকানে চ’চিয়েল মিডিয়াতো ভাল সঁহাৰি লাভ কৰিছে।

ফটোঃ নৰ্থইষ্ট নাও।

সমগ্ৰ উজনি অসমতে অখিলঞ্জীয়াৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়তে ব্যৱসায় বাণিজ্যত অসমীয়া খিলঞ্জীয়া লোক আগবাঢ়ি যোৱাৰ বিষয়টোৱেও লাভ কৰিছে চৰ্চা। এনে সময়তে কেৱল কথাৰ পৰিৱৰ্তে হাতে কামে কিবা এটা কৰাৰ পণ লৈ আগবাঢ়ি আহিছে বিশ্বজিৎ।

ইপিনে, জীৱনটোত আগবাঢ়ি যাবলৈ উৎসাহিত হ’ব পৰা কেইশাৰীমান বাক্য জিলিকি আছে বিশ্বজিতৰ দোকানত, ষিকেইশাৰী বাক্যই সকলোকে দিব জীৱন যুজত যুঁজত আগবাঢ়ি যোৱাৰ উৎসাহ আৰু প্ৰেৰণা।

বিশ্বজিতৰ এই ফলমূলৰ দোকানৰপৰা পলমূল কিনাৰ লগতে বাক্যকেইশাৰীটো চকু ফুৰাই গ্ৰাহকে মনতে গুণগুণাইছে, ‘জীৱন জিন্দাবাদ’।

ফটোঃ নৰ্থইষ্ট নাও।

এখন ফলৰ দোকানত কাম কৰি থকা বিশ্বজিতে সেই কামৰ অভিজ্ঞতা আৰু কিছূ মূলধনক সাৰথি কৰি আগবাঢ়ি আহিছে ব্যৱসায়ৰ জগতত নিজক প্ৰতিষ্ঠা কৰিবলৈ। বিশ্বজিতক বিভিন্নজনে শুভকামনা জনাইছে, ব্যৱসায়ী হিচাপে সফলতা লাভ কৰি আদৰ্শ  খিলঞ্জীয়া অসমীয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰক তাৰেই কামনা কৰিছে।