NORTHEAST NOW (Assamese)

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

January 23, 2021 2:41 pm · কাজী জেইদুল ইছলাম
Updated: January 23, 2021 3:28 pm

সদৌ অসম ছাত্ৰ সন্থাৰ আহব্বান মৰ্মে আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিৰ শ্বহীদ ভৱনৰ সন্মুখত নৰেন্দ্ৰ মোদী গ’বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, হিমন্তৰ দম্ভালি নচলিব, পুলিচৰ দমন নীতি বন্ধ কৰক, কা’ বাতিল কৰিবই লাগিব, EIA বাতিল কৰক, অমিত শ্বাহ হুছিয়াৰ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

কা’ বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি জলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, উপ-সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিবাহক সদস্য নাছিৰ আহমেদ, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সুনীল গোৱালা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক নিতু বৰা উপস্থিত থাকে।

কাৰ্যসূচীত গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক সুৰজ ভূঞা, লক্ষ্য শইকীয়া, উদীপ্ত ভূঞা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক সুশীল তাতিঁ, অৰ্পণজ্যোতি বসুমতাৰী, জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক সপোন শইকীয়া, হীৰক বৰা, পুৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱজ্যোতি ৰাজখোৱাকে আদি কৰি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে।

Related News