কেন্দ্ৰত বিজেপিৰ অংশীদাৰ ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা

Barpeta republican party

বৰপেটাত ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে অসমীয়া জাতিধ্বংসী এই বিধেয়কৰ প্ৰবল বিৰোধিতা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াই ৷

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া নামৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে আজি বৰপেটা চহৰত আয়োজন কৰা এক সংবাদ মেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল বিৰোধিতা কৰে ৷

বৰপেটা চহৰৰ সনকুছি কলনিস্থিত জিলা কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক(প্ৰশাসন) তথা জিলা সভাপতি ৰেজাউল কৰিমে কয় যে, কেন্দ্ৰত দলটোৱে বিজেপিৰ সৈতে মিত্ৰতাত থাকিলেও অসমৰ স্বাৰ্থত দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে ৷

যুটীয়া সংসদীয় কমিটিয়ে ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে অসমলৈ আহোতে এই বিধেয়কখনৰ বিৰোধিতা কৰি যুটীয়া সংসদীয় কমিটিক লিখিত পত্ৰ দিয়া বুলিও তেওঁ উল্লেখ কৰে ৷

অসমীয়া জাতিধ্বংসী এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ ৰাজ্যিক সমিতিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় সভাপতিক বিষয়টো অৱগত কৰা বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক এই বিধেয়কৰ বিৰোধিতা কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে ৷

উল্লেখ্য যে, সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি  দলৰ সাংগঠনিক ভিত্তি অধিক মজবুত কৰাৰ উদ্দেশ্যে দলটোৱে বৰপেটা চহৰত আজি বৰপেটাৰ সনকুছি কলনিৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰে বৰ্ধিত কাৰ্যকৰী সভা ৷ এই সভাৰ পিছতেই দলটোৱে সংবাদ মেল অনুষ্ঠিত কৰে ৷

বৰপেটা জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰামদাস আথাৱালে কেন্দ্ৰীয় চৰকাৰৰ পৰা কেইবা কৌটি টকা অনুমোদন লাভ কৰাত  বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে পঞ্চায়ত নিৰ্বাচনত দলটোৱে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলিও নেতাজনে আশা ব্যক্ত কৰে ৷

সংবাদ মেলত সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি ডা: আনোৱাৰ ইছলাম দলটোৰ  জিলা উপ সভাপতি আলেপ খান, সাধাৰণ সম্পাদক সঞ্জয় বায়নৰ লগতে কেইবা গৰাকী নেতা উপস্থিত থাকে।