বিজেপি প্ৰকৃত ইছ্যুসমূহক বাদ দি অপপ্ৰচাৰতে ব্যস্ত থাকিল : তৰুণ গগৈ

Tarun Gogoi

সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ৰাজৱী ভৱনত, ২১ মে'ত।

“’এগজিট প’ল’ৰ সত্যতা একেবাৰে নাইকিয়া বুলিও নকওঁ। এনডিএ চৰকাৰ হ’ব পাৰে, নহ’ব বুলি নকওঁ। যদি হয়, তেন্তে লেং মাৰি গ’ল দিয়াৰ লেখীয়া হ’ব। তেনেকৈহে তেওঁলোক জিকিব পাৰিব। তেওঁলোকে ফ্ৰী এণ্ড ফেয়াৰকৈ জিকিব নোৱাৰে”, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা নিৰ্বাচনোত্তৰ সমীক্ষাৰ সন্দৰ্ভত আজি ৰাজীৱ ভৱনত এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজীৱ ভৱনত আয়োজিত স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে। সভাৰ অন্তত ৰাষ্ট্ৰীয় মাধ্যমৰ সমীক্ষা সম্পৰ্কত সাংবাদিকে সোধাত গগৈয়ে এইদৰে কটাক্ষপূৰ্ণ মন্তব্য কৰে।

“এগ্জিট প’ল একেবাৰে বিশ্বাসো নকৰো, নুইও নকৰো। ২০০৪ আৰু ২০০৯ চনত কংগ্ৰেছ জিকিব বুলি এগজিট প’লে কোৱা নাছিল। তেতিয়া বাজপেয়ী জিকাৰ কথা কৈছিল আৰু বিজেপি জিকাৰ কথা কৈছিল”, গগৈৰ মত।

আনহাতে, বিজেপিয়ে প্ৰকৃত ইছ্যুসমূহক বাদ দি কেৱল অপপ্ৰচাৰ চলোৱাতে ব্যস্ত থাকিল বুলিও গগৈয়ে মন্তব্য কৰে।

“প্ৰকৃত যিবোৰ ইছ্যু আছিল, নিবনুৱা সমস্যা, দুৰ্নীতি, মুদ্ৰাস্ফীতি, কৃষকৰ ঋণ, সৰু সুৰা ব্যৱসায় হওক, উদ্যোগেই হওক, অৰ্থনৈতিক উন্নয়ন আৰু বিজ্ঞান প্ৰযুক্তিৰ কথা, আগৰটো নিৰ্বাচনৰ পূৰ্বে দিয়া আশ্বাসবোৰ, সেইবিলাক আঁতৰাই তেওঁলোকে কি ইছ্যু ল’লে?” বিজেপিক গগৈৰ প্ৰশ্ন।

গগৈৰ মতে “বিজেপিয়ে মানুহৰ মাজত হিন্দু-মুছলমানৰ নামত আকৌ বিভাজনৰ ৰাজনীতি কৰিলে”।

গগৈয়ে মোদীক আক্ৰমণ কৰি কয়, “মোদীয়ে কৰিব নোৱৰা কাম একো নাই। মই সেইকাৰণে কৈছো তেওঁ ফাউল খেলি জিকিব বিচাৰিছে। নিৰ্বাচনী আয়োগৰ আচৰণ-বিধি মোদীয়ে নামানে।”

ইয়াৰোপৰি, ধনৰ অপব্যৱহাৰ, ক্ষমতাৰ অপব্যৱহাৰ, নিৰ্বাচনী আয়োগৰ অপব্যৱহাৰ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

মোদীক পাব্লিচিটি এক্সপাৰ্ট বুলিও কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

আনহাতে, ই ভি এম টেম্পাৰিং কৰা হ’ব পাৰে বুলি সন্দিহান গগৈৰ প্ৰশ্ন, “তেজপুৰত ইমান এক্সট্ৰা ই ভি এম কিয় ৰাখিছে? বেলেগ সমষ্টি বিলাকত নাই কিয়? যদি সকলো সমষ্টিতে থাকিলে হেঁতেন, তেন্তে যোৰহাট, গুৱাহাটী, বৰপেটাত নাই কিয়?”

এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ তুলনাত ৰাজ্যত তথা সমগ্ৰ দেশতে আসন বেছি পাব বুলিও গগৈয়ে দাবী কৰে।

“আগতকৈ আসন বেছি পাম বুলি ক’ব পাৰো, অসমতো বেছি পাম, ভাৰততো বেছি আসন পাম”, গগৈৰ মন্তব্য।