বৰাকত ৭ এপ্ৰিলত হ’ব লগীয়া মোদীৰ সভা বাতিল

No guarantee in Modi becoming PM once again

ফাইল ফটো। উৎস : ইণ্টাৰনেট।

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এসপ্তাহৰ ভিতৰত অৰুণাচল আৰু অসম দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ কৰা প্ৰধান মন্ত্ৰী মোদীয়ে অহা ৭ এপ্ৰিলত পুনৰ বৰাকৰ এখন নিৰ্বাচনী সভাত ভাগ ল’বলৈ অহাৰ কথা আছিল যদিও এই সভাখন বাতিল হৈছে বুলি দলটোৰ সূত্ৰই জনাইছে।

পূৰ্ব নিৰ্ধাৰিত সভাখন বাতিল হোৱাৰ কোনো কাৰণ উল্লেখ নকৰাকৈ সূত্ৰটোৱে কয় যে সভাখনৰ বাবে এটা নতুন তাৰিখ সোনকালেই ঘোষণা কৰা হ’ব।

যোৱা নিশা ডিব্ৰুগড়ত বাহৰ পাতি থকা মোদী আজি অৰুণাচললৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’বলৈ যাব। অৰুণাচলৰ পাছিঘাটত অনুষ্ঠিতব্য এখন সভাত বিজেপিৰ প্ৰাৰ্থী টাপিৰ গাও আৰু কিৰেন ৰিজিজুৰ হৈ প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰীজনে।

যোৱা ৩০ মাৰ্চতো অৰুণাচল প্ৰদেশত পশ্চিম চিয়াং জিলাৰ আলঙত এখন নিৰ্বাচনী সভাত ভাগ লৈছিল প্ৰধান মন্ত্ৰী মোদীয়ে।

একেটা ভ্ৰমণতে প্ৰধান মন্ত্ৰীজনে অসমৰো দুখন নিৰ্বাচনী সভাত ক্ৰমে মৰাণ আৰু গহপুৰত অংশগ্ৰহণ কৰিছিল। অহা ৭ এপ্ৰিলত শিলচৰৰ সভাখন বাতিল নোহোৱা হ’লে ১০ দিনত এয়া মোদীৰ তৃতীয়টো অসম ভ্ৰমণ হ’ল হেঁতেন।

২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰত দলটোৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ ভূমিকা লোৱা প্ৰধান মন্ত্ৰী মোদীয়ে এইবাৰো গোটেই দেশত শতাধিক নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱাৰ পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে অহা ১১ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ গোটেই দেশত মুঠ ৫টা পৰ্য্যায়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব।