আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰে আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত আজি সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ সমদল কৰি মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
আনহাতে, মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে অসম বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিং, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক কৃষ্ণেন্দু পাল আৰু জেষ্ঠ বিজেপি নেতা মিছন ৰঞ্জন দাসে। মনোনয়ন দাখিলৰ পাছত সাংবাদিকৰ আগত মাল্লাৰে নিৰ্বাচনত বিজেপিয়ে বৰাক উপত্যকাৰ পৰা কংগ্ৰেছক উৎখাত কৰি বিপুল ভাবে বিজয়ী হ’ব বুলি কয়।
উল্লেখযোগ্য যে, কৰিমগঞ্জ লোকসভা সমষ্টিতো বৰ্তমান এ আই য়ু ডি এফৰ দখলত আছে। ৰাধেশ্যাম বিশ্বাসে দলটোৰ পৰা সাংসদ ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে। আনহাতে, বিজেপিয়ে পূৰ্বতে মাত্ৰ দুবাৰহে কৰিমগঞ্জ লোকসভা সমষ্টিতো নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। ১৯৯১ আৰু ১৯৯৬ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দ্বাৰকানাথ দাস বিজয়ী হৈছিল।
১৮ এপ্ৰিলত কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। সমষ্টিটোত এইবাৰ মূল যুদ্ধ খন এ আই য়ু ডি এফ আৰু বিজেপিৰ মাজতে হ’ব বুলি আশা কৰা হৈছে।