সোণাৰিত অন্তিম সময়ৰ তীব্ৰ যুঁজত শেষ হাঁহি বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ

আজি ঘোষিত সোণাৰি বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলত শেষ হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে। পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনা প্ৰক্ৰিয়া সন্ধিয়া প্ৰায় ৪ মান বজাত অন্ত পৰে।

সোণাৰি উপ নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে কংগ্ৰেছ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ীক ১৫৩১১ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে।

বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে লাভ কৰে ৬৬৫৭৬ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী সুশীল কুমাৰ চুড়ীয়ে লাভ কৰে ৫১২৬৫ টা ভোট।  এইবাৰ নিৰ্বাচনত সোণাৰি সমষ্টিত ৪৫৮৩ টা ন’টা ভোট পৰে।

বিজেপি প্ৰাৰ্থী গৰাকী বিজয়ী ঘোষণা কৰাৰ লগে লগেই সোণাৰি নগৰত উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়। নৱনীতা সন্দিকৈৰ সমৰ্থক তথা বিজেপি দলৰ নেতা কৰ্মীয়ে বিহুগাই, নাচি আনন্দ কৰা দেখা গ’ল।

নিৰ্বাচনত জয়ী হৈ নৱনীতা সন্দিকৈয়ে তেওঁৰ এই সাফল্যত সহায় কৰা সকলো দলীয় কৰ্মী আৰু সোণাৰি সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁক ভোট নিদিয়া সকলকো কোনো চিন্তা নকৰিবলৈ কয়। কাৰণ সেই সকলৰো দিহা পৰামৰ্শ লৈ তেওঁ সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে।