কংগ্ৰেছক তুলাধুনা,আজমলক জহামাল আখ্যা গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

IMG-20190408-WA0043

কৃষ্ণাইত সোমবাৰে নিৰ্বাচনী প্ৰচাৰত গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা। ফটো : নৰ্থইষ্ট নাও

”কংগ্ৰেছ হৈছে শোষণকাৰীৰ দল, ভ্ৰষ্টাচাৰীৰ দল ৷ কংগ্ৰেছৰ নীতি আদৰ্শ বোলা কোনো কথা নাই ৷ সৌ সিদিনালৈ “হু ইজ বদৰুদ্দিন” বুলি লম্ফজম্ফ কৰা তৰুণ গগৈৰ আজি এ আই ইউ ডি এফ হৈ পৰিছে পৰম মিত্ৰ৷ নিজ পুত্ৰক সাংসদ বনোৱাৰ স্বাৰ্থত গগৈয়ে আজমলৰ ওচৰত শৰণাপন্ন হৈছে ৷ এতিয়া কংগ্ৰেছ এআইয়ুডিএফ ভাই ভাই।‘’ এই মন্তব্য আগন্তুক লোক সভা নিৰ্বাচনৰ ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাৰ ৷

সোমবাৰে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ কৃষ্ণাইৰ এক নিৰ্বাচনী সভাত কুইন ওজাই এইদৰে মন্তব্য কৰে ৷ তেওঁ লগতে কয়,‘’কংগ্ৰেছৰ আলী-কুলিৰ শ্লোগানে এতিয়া আৰু কাম নিদিয়ে। এতিয়া চাহ বাগিছা, চৰাঞ্চল সকলোতে মোদীৰ জয়জয়কাৰ।‘’

নিজকে কৃষ্ণাইবাসীৰ আত্মীয় বুলি দাবী কৰা কুইন ওজাই তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাকো সমালোচনা কৰে ৷ তেওঁ কয় বিদেশৰ আপোন মানুহৰ খবৰত ব্যস্ত থকা ববিতাৰ নিজৰ মানুহৰ খবৰ লোৱাৰ আহৰি নাই ৷

ওজাই কয়, ‘’মই ববিতাতকৈ বয়সতো ডাঙৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি আছোঁ ৷ মোৰ দৰে সৰ্বস্তৰৰ ৰাইজ তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সম্পৰ্ক নথকা ববিতাতকৈ মই বহু ভোটৰ ব্যৱধানত বিজয়ী হোৱাতো নিশ্চিত। ৰাইজৰ মৰমে মোক আশাবাদী কৰিছে ৷’’

কৃষ্ণাই মণ্ডল বিজেপিৰ তত্ত্বাৱধানত স্থানীয় দুৰ্গাবাড়ীত অনুষ্ঠিত নিৰ্বাচনী সভাখনত বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে এআইয়ুডিএফৰো তীব্ৰ সমালোচনা কৰে ৷

ভাষণ প্ৰসংগত কুইন ওজাই বদৰদ্দিন আজমলক বনৰীয়া জহামালৰ লগত ৰিজাই কয় যে জহামাল য’তেই থাকে ত’তেই বিকট গন্ধ বিয়পি পৰে ৷ আজমলৰো বৰ্তমান তেনে গতি হৈছে ৷ সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰি ৰাজপাট খোৱা আজমলৰ জৰা ফুকা কৰা পানীয়ে এতিয়া আৰু কোনো ক্ৰিয়া নকৰে ৷ তেওঁ এতিয়া সকলোৰে বাবে জহামাল সদৃশ হৈ পৰিছে ৷

নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধান মন্ত্ৰীৰ  আসনত বহুৱাবলৈ কুইন ওজাই তেওঁক বিপুল ভোটত গুৱাহাটী সমষ্টিৰ পৰা জয়ী কৰাবলৈ ৰাইজ আহ্বান জনায় ৷

আনহাতে, সোমবাৰে দুপৰীয়া প্ৰায় ১২-৩০ বজাত গুৱাহাটীৰ পৰা আহি কৃষ্ণাইত উপস্থিত হোৱা কুইন ওজাই প্ৰথমতে কৃষ্ণাই মণ্ডল নিৰ্বাচনী কাৰ্যালয় এটা উদ্বোধন কৰে ৷ ইয়াৰ পিছতে তেওঁ পদব্ৰজে দুৰ্গাবাড়ীত উপস্থিত হয় ৷

বিজেপিৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি ভৃগুৰঞ্জন ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত কুইন ওজাৰ সমৰ্থনত ভাষণ প্ৰদান কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো আৰু দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই।

কৃষ্ণাইৰ দুৰ্গাবাড়ীৰ লগতে খাৰদাং,মোলানডুবি,ডিৰ্মাজাখিলী,ধাইগাওঁ আৰু জ্যোতিনগৰতো নিৰ্বাচনী সভাত অংশ লোৱা কুইন ওজাৰ লগত কৃষ্ণাই বিজেপি মণ্ডল সভাপতি পৰিমল সাহা,বদাহপুৰ জিলা পৰিষদ সদস্যা ৰূপালী ৰাভা,বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি চাহাবুল হককে ধৰি বিভিন্ন নেতা কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই কৃষ্ণাই দুৰ্গাবাড়ীৰ সভাখনৰ অন্তত কৃষ্ণাই বজাৰত থকা নিজ মোমায়েক হৰেণ দাসৰ বাস গৃহত প্ৰৱেশ কৰি জ্যেষ্ঠ নাগৰিক গৰাকীৰ আশীৰ্বাদ গ্ৰহণ কৰে।