• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমবাৰলৈ পঞ্চায়তত গেৰুৱা বাহিনীৰ চমকপ্ৰদ সাফল্য : আত্মহাৰা নেতা-কৰ্মী

আনন্দত আত্মহাৰা হৈ জুৰিলে বিহুগীত, খালে মিঠাই, ফুটালে আতচবাজী, ঘটিল সৰু-সুৰা অঘটন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2018 10:29 pm
bjp winning fest.jpg 2

বিজেপিৰ ৰাজ্যিক কাৰ্যালায়ত দলীয় কৰ্মীৰ আনন্দ উল্লাস। ফটো : নৰ্থইষ্ট নাও

549
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনত বহুসংখ্যক আসন দখল কৰি প্ৰথম স্থানত থকা বিজেপিৰ দ্বিতীয় শাৰীৰ নেতা আৰু কৰ্মীসকলে ফটকা আতচবাজী ফুটাই উদযাপন কৰিলে বিজয় উৎসৱ। উক্ত বিজয় উৎসৱত ৰাজ্যিক বিজেপিৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কোনো শীৰ্ষ নেতা উপস্থিত নাছিল।

ইয়াৰ বিপৰীতে উক্ত বিজয় উৎসৱত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী বিজুলী কলিতা মেধিকে ধৰি অন্যান্য নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰিলে।

bjp winning fest.jpg 3
বিজেপি নেতা কৰ্মীৰ আনন্দ উল্লাস। ফটো : নৰ্থইষ্ট নাও

পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰলৈ চমকপ্ৰদ সাফল্য লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰা বিজেপিৰ নেতা-কৰ্মীসকলে এক উৎসৱমুখৰ পৰিবেশৰ সূচনা কৰিলে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত। মহিলা মৰ্চাই বিহুগীত পৰিবেশন কৰি নৃত্য কৰাৰ লগতে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে ৰাজ্যিক বিজেপিৰ নেতা-কৰ্মীসকলে।

ইপিনে, আনন্দত আত্মহাৰা হৈ পৰা মহিলা কৰ্মীসকলে দলীয় পতাকা গচকি বিহু নৃত্য পৰিবেশন কৰাৰ দৃশ্যও বন্দী হ’ল আমাৰ কেমেৰাত। অৱশ্যে তেওঁলোকে আনন্দ-উল্লাসত গমকে নাপালে পতাকা গচকি নৃত্য কৰাৰ কথা। অৱশেষত এগৰাকী নেতাই কোৱাতহে মহিলা কৰ্মীসকলে কথাটো লক্ষ্য কৰি ভৰিৰে গচকা গামোচাকে পুনৰ ডিঙিত আঁৰি লয়।

আনহাতে, আনন্দ-স্ফূৰ্তিৰ মাজতে ঘটিল এক সৰু ঘটনা। কলগছ জ্বলাবলৈ লওঁতে বিস্ফোৰণ হৈ গোবিন শইকীয়া নামৰ এগৰাকী কৰ্মীয়ে চকু আৰু মুখত সামান্য পৰিমাণে আঘাত পায়।

যি-কি নহওঁক সৰু সৰু ঘটনাৰ মাজেৰেই বিজয় উৎসৱ পালন কৰিলে ৰাজ্যিক বিজেপিয়ে। উক্ত বিজয় উৎসৱত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰথমবাৰৰ বাবে সৰ্বাধিক আসন লাভ কৰাত উৎফুল্লিত হৈ পৰে।

‘২০১৩ চনত বিজেপিয়ে মাত্ৰ ১৫ খন জিলা পৰিষদ দখল কৰিছিল। সেই সংখ্যা দহ গুণে বৃদ্ধি পাই বৰ্তমানলৈকে ১৫০ খন জিলা পৰিষদ দখল কৰিছে বিজেপিয়ে,‘ -এই মন্তব্য মাৰ্ঘেৰিটাৰ।

তদুপৰি, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী বিজুলী কলিতা মেধিয়ে নৰ্থ ইষ্ট নাওৰ জৰিয়তে বিজেপিক জয়ী কৰোৱাত সহায় কৰা সকলোকে ধন্যবাদ জনোৱাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে।

Recent News

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd