সন্মান ৰক্ষাৰ যুঁজ! কিয় এদিনতে দুই-তিনিজনকৈ বিজেপিৰ কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ অসমলৈ সোঁত?

Kendriyo Mantri

অসমত নিজৰ সন্মান ৰক্ষাৰ যুঁজত নামিছে বিজেপি। পাঁচখনকৈ ৰাজ্যৰ ভিতৰত অসমত জয়ৰ কিছু ৰেঙণিৰ উমান পাই সেই সন্মান ৰক্ষাৰ স্বাৰ্থত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ বৈছে সোঁত।

নিৰ্বাচনৰ পূৰ্বে অসমত এদিনতে দুই-তিনিজনকৈ বিজেপিৰ হাই প্রফাইল নেতাৰ ঘটিছে আগমন।

নিৰ্বাচনৰ দিন ধায্য হোৱাৰ পূৰ্বৰে পৰা এইবাৰ অসমত বিজেপিৰ হাই প্ৰফাইল নেতাৰ আগমন দেখা পোৱা গৈছে। য’ত নেকি অসমৰ নেতাসকলেই প্ৰচাৰ চলাব পাৰে তেনে সমষ্টিত কেন্দ্ৰীয় নেতৃত্বৰ প্ৰয়োজন ক’ত?

কি উজনিলৈয়ে চাব নে নামনিলৈয়ে চাব চাৰিওফালে কেৱল বিজেপিৰ হাই প্ৰফাইল নেতাসকলকে দেখা পাব। প্ৰত্যেক দিনাই অসমৰ জনতাৰ বাবে বহু উন্নয়নৰ প্ৰতিশ্ৰুতিহে লৈ আহিছে কেন্দ্ৰীয় নেতাসকলে।

পূৰ্বৰ নিৰ্বাচনৰ পূৰ্বে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি,মূল্যবৃদ্ধি ৰোধ, বানপানীকে আদি কৰি সমস্যাৰ সমাধান ইত্যাদি বিষয় লৈ তেওঁলোক অসমলৈ অহা নাই।

তেওঁলোক আহিছে কেৱল বিজেপি দলৰ সন্মান ৰক্ষাৰ স্বাৰ্থত।

যত নেকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিজেপিৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ চলাই এক  ফলাফল লাভ কৰিবলৈ সক্ষম হ’লহেতেন তেনেস্থলত এই বিজেপিৰ কেন্দ্ৰীয় নেতা সকলে নিৰ্বাচনী প্ৰচাৰত ফটা ঢোল বজাবলৈ আৰম্ভ কৰিছে।

অসমৰ লগতে পশ্চিমবংগ, কেৰেলা, তামিলনাডু,পুডুচেৰী এই কেইখন ৰাজ্যত নিৰ্বাচনী বতাহ বলিছে। তেনে সময়তে অসমক বাদ দি কোনো এখন ৰাজ্যতে বিজেপিয়ে এনেদৰে প্ৰচাৰ চলোৱা নাই। কিয়নো পশ্চিমবংগত মমতা বেনাৰ্জীৰ প্ৰভুত্ব, কেৰেলাত বাওঁপন্থী, তামিলনাডুত আঞ্চলিক শক্তি আৰু পুডুচেৰীত বৰ্তমান কংগ্ৰেছৰ শাসন চলি আছে।

তেনেক্ষেত্ৰত প্ৰচাৰত ব্যৰ্থ হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এমাহৰ ভিতৰতে অসমলৈ তিনিবাৰকৈ ঢাপলি মেলা দেখা পোৱা গৈছে।

কংগ্ৰেছৰ হাই ভল্টেজ প্ৰাৰ্থী থকা সমষ্টি যেনে নাজিৰাত দেৱব্ৰত শইকীয়া, খুমটাইত বিস্মিতা গগৈ, ঢকুৱাখানাত পদ্ম দলে, চামগুৰিত ৰকিবুল হুছেইনৰ দৰে নেতাসকলক পৰাভূত কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি।

সেয়েহে এই সমষ্টিসমূহত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকল যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি ইৰাণী বৰকৈ আগমন ঘটা দেখা পোৱা গৈছে।

আজিও চতিয়াত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই পদ্ম হাজৰিকাৰ হৈ প্ৰচাৰ চলাবলৈ আহিছে।

বিজেপি চৰকাৰে জাতিধ্বংসী “কা” আনি হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচাৰিছে। আনহাতে, মূল্যবৃদ্ধি ৰোধ কৰা হ’ব বুলি শাসনলৈ আহি তাৰ বিপৰীতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ দৈনিক মূল্যবৃদ্ধি হোৱাহে দেখিবলৈ পোৱা গৈছে।

ইয়াৰোপৰি, হিন্দু বাঙালী সকলক দিয়া বহু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে বুলি গুৰুতৰ অভিযোগ। বিমান বন্দৰ, ৰেইল ষ্টেচনকে আদি কৰি অসম ৰাজ্যিক চিৰিয়াখানা আম্বানিৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰা এই বিজেপি চৰকাৰৰ কেন্দ্ৰীয় নেতা-মন্ত্ৰী সকল কেৱল সন্মানৰ স্বাৰ্থত, অসমত নিৰ্বাচনত নিজৰ স্থিতি ৰক্ষা কৰিব নোৱাৰা স্বাৰ্থত ডিজিটেল তথা কেন্দ্ৰীয় হাই ভল্টেজ নেতা সকলৰ দ্বাৰা নিৰ্বাচন জিকাৰ প্ৰস্তুতি চলাইছে।

অৱশ্যে, অসমৰ বিভিন্ন দুৰ্য্যোগ যেনে বানপানী-গৰাখহনীয়া ইত্যাদিৰ সময়ত অসমলৈ আহিবলৈ সময় নহয় বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ। ইয়াৰোপৰি, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ উজনি অসমত উত্থান, কংগ্ৰেছ-এআইয়ুডিএফৰ মহাজোঁটেও সংকটত পেলাইছে কেন্দ্ৰীয় নেতৃত্বক। সেয়েহে এতিয়া অসমক লৈ ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় নেতাসকল।